Bhedailota Benefits : আপুনি বাৰু জানেনে পাত মহাৰিলেই বেয়া গোন্ধ ওলোৱা ভেদাইলতাৰ উপকাৰিতা কিমান

ভেদাইলতা প্ৰায় সকলো মানুহে চিনি পায়।ভেদাইলতাৰ এটা অকটা গোন্ধ আছে । ভেদাইলতা ঘৰৰ-বাৰীখনৰ জেকা আৰু হাবিতলীয়া ঠাইত গজে। এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গোন্ধ (sulphurous odour) ওলায়। এই গোন্ধৰ কাৰণ হ’ল ভেদাইলতাৰ লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। এই পাত মোহাৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গোন্ধ ওলায়। সেয়েহে ভেদাইলতাৰ অন্য এক নাম হ’ল পাদুৰীলতা(Bhedailota Benefits)।
পাত মহাৰিলেই বেয়া গোন্ধ ওলাই যদিও খাওতে তেনে গোন্ধ নাপায়। আপুনি বাৰু জানেনে এই ভেদাইলতা পাতৰ উপকাৰিতা কিমান?জানিলে হয়টো আপুনিও আচৰিত হব। ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট(Health Benefit of Paedericto Chide) ।
প্ৰাচীনকালৰ পৰা চীন দেশত ভেদাইলতাৰ প্ৰয়োগ কৰা হৈছিল- পেৰালাইচিচ,বাত বিষ,পুৰুষৰ যৌন অক্ষমতা,কীট-পতংগই কামুৰা আৰু তেজ- সঞ্চালন উন্নত কৰা চিকিৎসাৰ বাবে।
আমাৰ দেশতো অতীজতে যৌনব্যাধি, প্ৰসাবৰ ৰোগ,মহিলাৰ ঋতুস্ৰাবৰ সমস্যাত ভেদাইলতা ব্যৱহাৰ কৰিছিল বুলি জনা যায় ৷
এই লতাৰ প্ৰতিটো অংগৰে ঔষধি গুণ আছে।ইয়াৰ নানাবিধ আয়ুৰ্বেদিক ঔষধ পাত আৰু শিপাৰ পৰা তৈয়াৰ কৰা হয়।
ভেদাইলতা লতা খালে মানুহৰ হজম আৰু শৰীৰৰ শক্তি বৃদ্ধি পায়, পেটফুলা,বদহজম দুৰ হয় আৰু লিভাৰ সুস্থ হৈ থাকে।
হাপানি বা এজমা ৰোগীৰ বাবে ই উপকাৰী।
গাৰ বিষ হলে বা দিনটো কষ্টৰ কাম কৰি গা বিষালে ১০/১২খিলা পাত আৰু ২/৩কোহ নহৰু থেতেলাই একাপ পানী আৰু অকনমান নিমখ মিহলাই খালে আৰাম পায়।
যকৃত বা লিভাৰৰ যি কোনো সমস্যাত ভেদাইলতা খালে কাম দিয়ে আৰু লিভাৰ শক্তিশালী কৰে।
ডায়েৰিয়া ৰোগত ভেডাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়।
ভৰি হাতৰ হাড় ভাগিলে বা মোচোকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে।
ভেদাইলতাৰ ৰস খালে স্নায়ুৰোগত সুফল পোৱা যায়।বাতবিষত আক্ৰান্ত হলে ভেদাইলতা ৰস খালে আৰোগ্য হয়।
কাঁহ চৰ্দী হলে ভেদাইলতা আৰু আদাৰ চুপ খালে উপশম পোৱা যায়।
কীট পতংগই কামুৰিলে ভেদাইলতাৰ ৰস লগালে বিষ, প্ৰদাহ আদি কমে ৷
ভেদাইলতাৰ ৰসৰ প্ৰলেপে জ্বৰৰ উপশম ঘটায়
ৰোগী বা নিৰোগী যিকোনো লোকে ইয়াক নিয়মিত খালে শৰীৰত যথেষ্ট বল পায়।
গতিকে ,দেহত বেমাৰ থাকক বা নাথাকক মাজে মাজে ভেদাইলতা সকলোৱে খাব লাগে।
লগতে পঢ়ক : benefits of poha : চিৰাই আমাৰ শৰীৰত কেনেধৰণে সহায় কৰে আপুনি বাৰু জানেনে ?