Local, Vocal, Global

CWC Meeting : হায়দৰাবাদত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ আজি অন্তিমটো দিন

নেশ্যনেল ডেস্ক, ১৭ছেপ্টেম্বৰ : শনিবাৰৰ পৰা হায়দৰাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক(CWC Meeting) । এই বৈঠকৰ আজি অন্তিমটো দিন । আগন্তুক কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । মিত্ৰজোঁট ‘I.N.D.I.A’ গঠন হোৱাৰ পাছতে দুদিনীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠক(Our goal must be to defeat BJP in 2024 polls it will be most fitting tribute to Bapu) ।

উল্লেখ্য যে, বৈঠকৰ অন্তিম দিনটোত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ কংগ্ৰেছৰ লক্ষ্য নিৰ্ধাৰণ কৰে ।

এই বৈঠকত দলটোৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে আগন্তুক প্ৰত্যাহ্বানৰ বিষয়েও আলোচনা কৰে । মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে এয়া কেৱল কংগ্ৰেছৰ বাবেই নহয়, তেওঁৰ দলৰ লক্ষ্য হ’ব লাগিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা । তেওঁ লগতে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচন মহাত্মা গান্ধীৰ প্ৰতি কংগ্ৰেছৰ আটাইতকৈ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব(Our goal must be to defeat BJP in 2024 polls) ।

কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকৰ ভাষণত কেন্দ্ৰত থকা বিজেপি চৰকাৰক সমালোচনা কৰি খাৰ্গেয়ে কয় যে, মহাৰাষ্ট্ৰৰ মুম্বাইত ‘I.N.D.I.A’ ব্লকৰ নেতাসকলৰ বৈঠকৰ সময়তে চৰকাৰে ‘এক ৰাষ্ট্ৰ, এক নিৰ্বাচন’ সন্দৰ্ভত এখন সমিতি গঠন কৰিছিল । বিজেপিয়ে নিজৰ কাৰ্যসূচীৰ বাবে সকলো পৰম্পৰা ভংগ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্ত দিছে । তেওঁ লগতে কয় যে চৰকাৰ এনে ধৰণৰ পদক্ষেপ লোৱাৰ বাবে জনাজাত যাৰ কোনো অৰ্থ নাথাকে ।

লগতে মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে কংগ্ৰেছ দলে সংবিধানৰ ভেটি স্থাপন কৰিছিল আৰু সংবিধানৰ সুৰক্ষা কংগ্ৰেছৰ কৰ্তব্য আৰু শেষ উশাহলৈকে কংগ্ৰেছে যুঁজ দিব লাগিব । কংগ্ৰেছৰ লক্ষ্য হ’ব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা আৰু দেশত বিকল্প চৰকাৰ গঠনৰ বাবে নিষ্ঠাৰে কাম কৰা ।

উল্লেখ্য যে ২০২৪ চনত মহাত্মা গান্ধীৰ কংগ্ৰেছ সভাপতি হিচাপে নিৰ্বাচনৰ শতবাৰ্ষিকীও উদযাপন কৰিব । বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰাটো মহাত্মা গান্ধীৰ প্ৰতি আটাইতকৈ উপযুক্ত শ্ৰদ্ধাঞ্জলি হ’ব বুলিও খাৰ্গেয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Amrit Brikshya Andolan 2023 : ১ কোটি গছপুলি ৰোপণেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা ৰাজ্য চৰকাৰ