Alleged Land Scam and Subsidy Irregularities Involving Chief Minister Family : অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ
নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ ।মুখ্যমন্ত্ৰীৰ পৰিয়ালক ভূমি কেলেংকাৰীত সৈতে জড়িত হোৱাৰ অভিযোগ । কৃষিভূমিক উদ্যোগিক ভূমিলৈ ৰূপান্তৰিত হোৱাৰ পাছতে চৰকাৰী ৰাজসাহায্যৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াল লাভৱান হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷
এই অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই(Assam Jatiya Parishad Demands Judicial Inquiry into Alleged Land Scam and Subsidy Irregularities Involving Chief Minister Family) ।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি এই অভিযোগ উত্থাপন কৰি ন্যায়িক তদন্তৰ দাবী জনাই(Assam Jatiya Parishad Demands Judicial Inquiry into)।
সংবাদ মাধ্যমৰ বাতৰিয়ে প্ৰকাশ কৰিছিল ভূমি কেলেংকাৰীৰ বিষয়ে । উল্লেখ্য যে প্ৰথমে বৰভোগীয়া মৌজাৰ অন্তৰ্গত কলিয়াবৰৰ দৰিগাজী গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা জোখৰ এটা যথেষ্ট পৰিমাণৰ কৃষিভূমিৰ মাটিখিনি ক্ৰয় কৰাৰ মাত্ৰ এমাহৰ ভিতৰতে ৰহস্য জনকভাৱে পুনৰ ঔদ্যোগিক ভূমি হিচাপে অসমৰ মুখ্যমন্ত্ৰী পৰিয়ালৰ নাম শ্ৰেণীভুক্ত কৰে। চৰকাৰী প্ৰভাৱৰ অপব্যৱহাৰ কৰা অভিযোগ উত্থাপন কৰে(Alleged Land Scam and Subsidy Irregularities Involving Chief Minister Family)।
এই অভিযোগৰ গুৰুত্ব আৰু অধিক ভয়াৱহ কৰি তোলা কথাটো হ’ল কৃষকক সহায়ৰ বাবে ৰচনা কৰা চৰকাৰী আঁচনিৰ প্ৰধানমন্ত্ৰীৰ কিষাণ মিছন আঁচনিৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভৱান হোৱা বুলি কোৱা হৈছে। ইয়াৰ ফলত চৰকাৰৰ উচ্চতম পৰ্যায়ত স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।
অসম জাতীয় পৰিষদে এই তদন্তৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ মালিকানাধীন মুঠ সম্পত্তি আৰু সম্পত্তি ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে, নিৰ্বাচিত প্ৰতিনিধিৰ বিত্তীয় কাম-কাজত স্বচ্ছতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ৰাজ্যৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহৰ প্ৰতি জনসাধাৰণৰ আস্থা অক্ষুণ্ণ ৰখাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি দলটোৱে এই বিষয়টোৰ ওপৰত ন্যায্য আৰু নিৰপেক্ষ তদন্ত কৰিবলৈ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনায়।