Local, Vocal, Global

Gauhati High Court Aizawl bench new building : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱন উদ্বোধন

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ : ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদে শনিবাৰে মিজোৰাম নিউ কেপিটেল কমপ্লেক্স(MINECO)ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আইজল বেঞ্চৰ নতুন ভৱন উদ্বোধন কৰে(Chief Justice of India inaugurates Gauhati High Court Aizawl bench new building)।

এই অনুষ্ঠানত কেন্দ্রীয় আৰু ন্যায় মন্ত্র্যালয়ৰ ৰাজ্যিক মন্ত্রী অর্জুন ৰাম মেঘৱাল, গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা, মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা ধৰি আটাইকেইজন উপস্থিত থাকে(Gauhati High Court Aizawl bench new building) ৷

ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদে এই ভৱন উদ্বোধনী ভাষণৰ সময়ত নতুন ভৱনটো সম্পূৰ্ণ কৰাত সহায় কৰাত জড়িত থকা সকলো অংশীদাৰক ধন্যবাদ জনায়।

ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, ”যিহেতু আদালতে সফল ন্যায়পালিকাৰ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে ইয়াৰ চৌহদ আৰু অন্যান্য প্ৰয়োজনীয় প্ৰযুক্তিৰ সুবিধাসমূহৰ উন্নয়ন গুৰুত্বপূৰ্ণ; কিন্তু আমি মনত ৰখাটো অধিক তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আমি আইনৰ শাসনৰ সৈতে থিয় দিব লাগিব আৰু আইনৰ শান্তিপূৰ্ণ সমাধানৰ সৈতে থিয় দিব লাগিব। আইনৰ শাসনেই এই জাতিটোক টিকিয়াই ৰাখে আৰু এই নতুন অট্টালিকাই ৰাজ্যখনৰ আইনৰ শাসনকো সূচায়,”(India stands for the rule of the law says Chief Justice)।

এই অনুষ্ঠানত গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ সন্দীপ মেহতাই আদৰণি ভাষণ প্ৰদান কৰে। লগতে ন্যায় মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাইও তেওঁলোকৰ ভাষণ প্ৰদান কৰে(Chief Justice of India inaugurates new Gauhati High Court Aizawl bench building)।

উল্লেখ্য যে, ৪৬২৪.১২ লাখ টকাৰ অনুমোদন মূল্যৰ এই নতুন ভৱনটো নন-লেপচিবল চেণ্ট্ৰেল পুল ৰিচ’ৰ্চ (এনএলচিপিআৰ) ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । মিজোৰামৰ পি ডব্লিউ ডিয়ে স্থাপত্য আৰু গাঁথনিগত ডিজাইন সম্পূৰ্ণ কৰিলে, আৰু নৰ্থ ইষ্ট কনচালটেন্সি চাৰ্ভিচেছ ঠিকাদাৰ। ইয়াৰ মুঠ মজিয়াৰ স্থান ১৩৭৭৩.১১ বৰ্গমিটাৰ আৰু ইয়াত মূল ভৱন, অধিবক্তাৰ বাবে ভৱন, আৰু ভ্ৰমণকাৰী ন্যায়াধীশৰ বাবে অট্টালিকা আছে।

লগতে পঢ়ক :President of Singapore: ভাৰতীয় মূলৰ থাৰমান শ্বানমুগাৰত্নম ছিংগাপুৰৰ ৰাষ্ট্ৰপতি