Lightning kills people in Odisha: ধাৰাষাৰ বৰষুণৰ মাজতে ওড়িশাত সংঘটিত হ’ল অঘটন
নেশ্যনেল ডেস্ক, ৩ছেপ্টেম্বৰ : ওড়িশাত ধাৰাষাৰ বৰষুণ । এই ধাৰাষাৰ বৰষুণৰ মাজতে সংঘটিত হৈছে এক অঘটন । ওড়িশাত হৈ থকা ধাৰাষাৰ বৰষুণ মাজতে ছয়খন জিলাত পৰে বজ্ৰ । এই বজ্ৰপাতৰ ফলত প্ৰায় ১০ জন লোকৰ মৃত্যু হয় (Lightning kills people in Odisha) ৷
শনিবাৰে ওড়িশাত সংঘটিত হৈছে এই অঘটনটো । ওড়িশাৰ ছয়খন জিলাত হৈ আছিল নেৰানেপেৰা বৰষুণ ৷ এগৰাকী চৰকাৰী বিষয়াই সদৰী কৰা অনুসৰি,এই নেৰানেপেৰা বৰষুণৰ মাজতে ওড়িশাত পৰে বজ্ৰ ৷ এই বজ্ৰপাতৰ ফলত ওড়িশাত প্ৰায় ১০ জন লোকৰ মৃত্যু হয় (10 dead three injured due to lightning in several districts of state) ৷
ওড়িশাৰ আয়ুক্তৰ কাৰ্যালয়ে জনোৱা অনুসৰি , এই বজ্ৰপাতৰ ফলত খুৰদা জিলাত চাৰিজন, বোলাংগীৰত দুজন আৰু আংগুল, বৌধ, জগৎসিংপুৰ আৰু ধেনকানালত এজনকৈ লোকৰ প্ৰাণহানি হয় (Lightning claiming lives in Odisha)।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ওড়িশাৰ খুৰদাতো বজ্ৰপাত পৰাৰ ফলত তিনিজন লোক আহত হয় ।
চৰকাৰী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, ভূৱনেশ্বৰ আৰু কটককে ধৰি উপকূলীয় অঞ্চল ওড়িশাত প্ৰৱল বৃষ্টিপাত আৰু বজ্ৰপাত পৰে ৷ ইতিমধ্যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এক বিবৃতিযোগে আগন্তুক চাৰিদিনত ৰাজ্যৰ কেইবাটাও প্ৰান্তত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আগজাননী দিছে ।
উক্ত বিবৃতিটোত বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, শনিবাৰে ভূৱনেশ্বৰ আৰু কটকত দুপৰীয়া ভাগত ৯০ মিনিটৰ সময়ছোৱাত ক্ৰমে ১২৬ মিলিমিটাৰ আৰু ৯৫.৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে । ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই X(পূৰ্বৰ টুইটাৰ) ত প্ৰকাশ কৰা অনুসৰি, ৰাজ্যখনত বিয়লি ৩৬,৫৯৭ চিচি (মেঘৰ পৰা ডাৱৰলৈ) আৰু ২৫,৭৫৩ চিজি (মেঘৰ পৰা মাটিলৈ) বিজুলী পৰাৰ তথ্য লাভ কৰা হৈছে । সেয়ে বতৰ বিজ্ঞান বিভাগে সকলোকে নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ প্ৰদান কৰিছে ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক এইচ আৰ বিশ্বাসে কয় যে, ৩ ছেপ্টেম্বৰৰ আশে-পাশে উত্তৰ-পূব বংগ উপসাগৰৰ ওপৰতো ঘূৰ্ণী বতাহ হোৱাৰ সম্ভাৱনা আছে ৷ লগতে বংগ উপসাগৰৰ উত্তৰ অংশৰ ওপৰত ঘূৰ্ণী বতাহ হোৱাৰ সম্ভাৱনা আছে । সেয়ে পৰৱৰ্তী ৪৮ ঘণ্টা সাৱধানে থাকিবলৈ পৰামৰ্শ প্ৰদান কৰিছে বতৰ বিজ্ঞান বিভাগে । ইফালে যিবোৰ ঘূৰ্ণী বতাহ প্ৰৱল অঞ্চল নহয়, তেনে অঞ্চলত দক্ষিণ-পশ্চিমকৈ আগন্তুক তিনি-চাৰি দিন প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক :Clashes Erupt at Assam-Tripura Border : অসম ত্ৰিপুৰা সীমান্তত তীব্ৰ উত্তেজনা