Ban wearing abaya Dress : শিক্ষানুষ্ঠানত নিষিদ্ধ কৰা হ’ব ‘আবায়া’

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮আগষ্ট : শিক্ষানুষ্ঠানত নিষিদ্ধ কৰা হ’ব ধৰ্মীয় পোছাক আবায়া(Ban wearing abaya Dress)। নতুন বিদ্যালয় বৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে ফ্ৰান্সৰ শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে এই কথা (France will ban wearing abaya dress in schools) ।
ফ্ৰান্সৰ এটা সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী গেব্ৰিয়েল আটালে দেওবাৰে কয় যে ফ্ৰান্সে আবায়া নামেৰে জনাজাত ইছলামিক বস্ত্ৰ বিদ্যালয়ত নিষিদ্ধ কৰিব ।“ৰিপাব্লিক বিদ্যালয়খন মূল্যবোধক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছিল, ধৰ্মনিৰপেক্ষতাও ইয়াৰ ভিতৰত অন্যতম । শ্ৰেণীকোঠাত প্ৰৱেশৰ সময়ত শিক্ষাৰ্থীৰ ধৰ্মৰ বিষয়টো আহিব নালাগ ।’’লগতে তেওঁ কয়, ‘‘মই ঘোষণা কৰিছো যে স্কুলত আৰু আবায়া পিন্ধিব নোৱাৰিব ।’’
১৯ শতিকাৰ আইন প্ৰণয়নে ৰাজহুৱা শিক্ষাৰ পৰা কোনো পৰম্পৰাগত কেথলিক প্ৰভাৱ নিৰ্মূল কৰাৰ পিছৰে পৰা ফ্ৰান্সে চৰকাৰী বিদ্যালয়ত ধৰ্মীয় চিন কঠোৰভাৱে নিষিদ্ধ কৰি ৰাখিছে । আল জাজিৰাৰ মতে, ফ্ৰান্সৰ চৰকাৰী বিদ্যালয়ত বিশাল ক্ৰছ, ইহুদী কিপ্পা বা ইছলামিক হেডস্কাৰফ পিন্ধাৰ অনুমতি নাই।
২০০৪ আৰু ২০১০ চনত ৰাজহুৱা স্থানত সম্পূৰ্ণ মুখৰ ওৰণি লোৱা নিষেধাজ্ঞাই দেশখনৰ পাঁচ নিযুত মুছলমান জনসংখ্যাৰ এক বৃহৎ অংশক ক্ষুব্ধ কৰি তুলিছিল(France to ban wearing abaya dress in schools)।
শিক্ষামন্ত্ৰী গেব্ৰিয়েলে কয় যে, “মই সিদ্ধান্ত লৈছো যে বিদ্যালয়ত আবায়া আৰু পিন্ধিব নোৱাৰিব।”
সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত গেব্ৰিয়েল আটালে কয় যে, “যেতিয়া আপুনি শ্ৰেণীকোঠাত সোমাই যায়, তেতিয়া কেৱল ছাত্ৰ-ছাত্ৰীক চাই ছাত্ৰ-ছাত্ৰীৰ ধৰ্ম চিনাক্ত কৰিব নোৱাৰিব।”পৰম্পৰাগতভাৱে মহিলাসকলে হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰা ফ্ৰান্সৰ বিদ্যালয়সমূহত আবায়া পিন্ধা সম্পৰ্কে কেইবামাহো ধৰি চলি থকা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে, আবায়া হৈছে ইছলাম ধৰ্মালৱম্বী মহিলাসকলে পৰিধান কৰা দীঘলীয়া পোছাক ৷ 2004 চনত ফ্ৰান্সে বিদ্যালয়ত ডাঙৰ ডাঙৰ ক্ৰছ, ইহুদী কিপ্পা আৰু ইছলামিক হেডস্কাৰ্ফকে ধৰি ধৰ্মীয় প্ৰতীক নিষিদ্ধ কৰিছিল । অৱশ্যে আবায়াক বিশেষভাৱে নিষিদ্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । ফৰাচী বিদ্যালয়ত ইছলামিক কাপোৰ পিন্ধা ছোৱালীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি পোৱাৰ পিছতে আবায়াৰ ওপৰত গুৰুত্ব দিয়া হৈছে(France To Ban Female Students From Wearing Muslim Abaya Dress In State Schools) ৷
লগতে পঢ়ক :Florida shooting in Jacksonvi : আমেৰিকাত গুলীচালনাৰ ঘটনা; বৰ্ণৰ ভিত্তিক হিংসাত্মক ঘটনা আমেৰিকাত