Don’t Make These Morning Mistakes : ৰাতিপুৱা সাৰ পোৱাৰ পিছত ভুলটো নকৰিব এইসমূহ কাম নহ’লে হ’ব পাৰে আপোনাৰ স্বাস্থ্যৰ ক্ষতি

আমি ৰাতিপুৱা সাৰ পোৱাৰ পিছতে আমি আমাৰ শৰীৰৰ যত্ন লোৱাটো উচিত। কিয়নো, শৰীৰৰ এটা অংশ অসুস্থ হৈ পৰাৰ ফলত এগৰাকী ব্য়ক্তিৰ সুস্থ শৰীৰ গঢ়ি তোলাৰ সপোন ভাঙি পৰিব পাৰে(Don’t make the mistake of waking up in the morning)। বহুলোকে ৰাতিপুৱা শুই উঠিয়ে কিছুমান ডাঙৰ ভুল কৰে যিয়ে তেওঁলোকৰ শৰীৰটোক যথেষ্ট ক্ষতি কৰিব পাৰে। এই ক্ষতিবোৰ পিছলৈ গৈ ইমানে বেছি গুৰুতৰ হৈ উঠে যে শৰীৰৰ প্ৰতিটো অংগ অসুস্থ হৈ পৰিব পাৰে(Don’t Make These Morning Mistakes)।
যদিহে আপুনি শৰীৰটো সম্পূৰ্ণ সুস্থ আৰু সতেজ কৰি ৰাখিব বিচাৰে, তেনেহ’লে ৰাতিপুৱা সাৰ পোৱাৰ পিছত এইকেইটা ভুল কেতিয়াও নকৰিব(Don’t Make These Morning Mistakes)।
শুই উঠিয়ে বিচনাতে চাহ আৰু কফি নাখাব-
কিছুসংখ্যক লোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বিচনাতে চাহ অথবা কফি খাব বিচাৰে। কিন্তু শুই উঠিয়ে বিচনাতে চাহ অথবা কফি খোৱাটো বেয়া অভ্যাস। ইয়াৰ সলনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত সদায়ে পানী খাব লাগে। ই শৰীৰৰ যৌগিক প্ৰক্ৰিয়া সক্ৰিয় কৰি তুলে আৰু হজম শক্তি আৰু পাকস্থলী স্বাস্থ্যৱান কৰি ৰাখে।
চকু মেলিয়ে মোবাইল খুলি সামাজিক মাধ্যমত সোমাই পৰা-
মানসিক শান্তিৰ বাবে ৰাতিপুৱাৰ সময়খিনি সকলো ব্যক্তিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো পুৱাৰ সময়ত যদিহে কোনো লোকৰ মনত মানসিক চাপৰ সৃষ্টি হয়, তেনেহ’লে দিনটোৰ বাবে মনটো অশান্তিৰে ভৰি থাকে আৰু কাম-কাজত বিভিন্ন খেলি-মেলিৰ সৃষ্টি হয়। গতিকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে সামাজিক মাধ্যমৰ পৰা দূৰৈত থকাই উচিত। ইয়াৰ পৰিৱৰ্তে, ৰাতিপুৱা শুই উঠি অলপ সময় ধ্যান কৰক।
ৰাতিপুৱাৰ আহাৰত শুকান ফল অন্তৰ্ভুক্ত নকৰা-
ৰাতিপুৱা খালী পেটত আখৰোট আৰু কাঠবাদাম খাব লাগে। ই শৰীৰত পুষ্টিকৰ উপাদান যোগান ধৰাৰ লগতে শৰীৰটোক সতেজ কৰি ৰাখে। যাৰ ফলত, হৃদযন্ত্ৰ, মন স্বাস্থ্যবান হৈ থাকে আৰু তেজ সঠিক পৰিমাণত চলাচল হৈ থাকে।
ৰাতিপুৱাৰ আহাৰ বাদ দিয়া
দেৰিকৈ সাৰ পোৱাৰ ফলত বহু সংখ্যক লোকে কামলৈ যাবলৈ পলম হোৱাৰ অজুহাতত ৰাতিপুৱাৰ আহাৰ এৰিবলগীয়া হয়। ই শৰীৰত জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া হ্ৰাস কৰে আৰু শৰীৰৰ ওজন বৃদ্ধি কৰে। গতিকে কেতিয়াও ৰাতিপুৱাৰ আহাৰ বাদ দিব নালাগে। ৰাতিপুৱাৰ আহাৰত আঁহ যুক্ত খাদ্য, প্ৰ’টিন অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ পক্ষে উপকাৰী।
ৰাতিপুৱা শুই উঠি ব্যায়াম নকৰা
ৰাতিপুৱা শুই উঠি খোজ কঢ়া, ব্যায়াম আদি নকৰাৰ ফলত শৰীৰ পিছলৈ অলস হৈ পৰিব পাৰে আৰু শৰীৰত বিভিন্ন ৰোগে বাহ ল’ব পাৰে। সেয়েহে হৃদযন্ত্ৰ, মন আৰু শৰীৰৰ অন্যান্য অংশসমূহক স্বাস্থ্যৱান কৰি ৰাখিবলৈ দৈনিক কাৰ্ডিঅ’ ব্যায়াম অথবা খোজ কঢ়াটো নিত্যান্তই প্ৰয়োজনীয়।
লগতে পঢ়ক : Hair Problems: চুলি সৰাৰ পৰা উপকৃত পাবলৈ কেনেধৰণৰ উপায় ব্যৱহাৰ কৰিব পাৰো জানো আহক