Local, Vocal, Global

Dhemaji bomb blast : ধেমাজি বোমা বিস্ফোৰণক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

নিউড ডেস্ক, ২৪আগষ্ট : ২০০৪ চন ১৫আগষ্ট । ৰাজ্য কঁপাই গৈছিল এক বোমা বিস্ফোৰণৰ ঘটনাই ।হাহাকাৰ লাগিছিল চাৰিওফালে । ১৫আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ সময়তে ধেমাজি কলেজৰ খেলপথাৰত ঘটিছিল এই ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা(Dhemaji bomb blast acquitted 6) । মৃত্যু হৈছিল ১৩জনকৈ লোকৰ । ইয়াৰে আছিল অধিকাংশই ১২ৰ পৰা ১৪বছৰীয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰী । আজি যেন পুনৰ কান্দিছে এই বোমা বিস্ফোৰণত নিজৰ আত্মীয়ক হেৰুৱা পৰিয়ালে(Gauhati High Court acquits accused in 2004 Dhemaji bomb blast case) ।

ধেমাজিৰ বোমা বিস্ফোৰণৰ লগত জড়িত থকা সকলো অভিযুক্তক দোষমুক্ত ঘোষণা কৰে। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ঘোষণা কৰে দোষমুক্ত(all accused in 2004 Dhemaji bomb blast case acquitted by Gauhati high court) ।

গুৱাহাটী উচ্চ ন্য়ায়ালয়ত নিম্ন আদালতৰ পূৰ্বৰ নিৰ্দেশক জনাইছিল । নিম্ন আদালতৰ ৰায়দানক প্রত্যাহ্বান জনাই হাই কৰ্টৰ দ্বাৰস্থ হৈছিল আবেদনকাৰী। ২৪ জুলাইত চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে(Gauhati HC Exonerates All 2004 Dhemaji Blast Accused)।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মুঠ ৬ অভিযুক্তক দোষী সাব্যস্ত কৰিছিল নিম্ন আদালতে। দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী,লীলা গগৈ,প্ৰশান্ত ভূঞা আৰু হেমেন গগৈক এই গোচৰত দোষী সাব্যস্ত কৰিছিল । আৰু ইয়াৰে দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী,লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ লগতে প্রশান্ত ভূঞা আৰু হেমেন গগৈক ৪ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল(Gauhati High Court acquits accused in 2004 bomb blast case in Dhemaji)।

কিন্তু বৃহস্পতিবাৰে গুৱাহাটী উচ্চা ন্যায়ালয়ে এই গোচৰৰ অভিযুক্তক দোষমুক্ত ঘোষণা কৰে (all accused in 2004 Dhemaji bomb blast case acquitted by Gauhati high court) ।

লগতে পঢ়ক :Massive landslide hits Kullu : হিমাচলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা,ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বহু লোকক