Preparations for Pre-Independence Day : দেওবাৰে দীঘলীপুখুৰীৰ পাৰত পালন কৰা হ’ব প্ৰাক স্বাধীনতা দিৱস
নিউজ ডেস্ক, ১২ আগষ্ট : দেওবাৰে দীঘলীপুখুৰী পাৰত প্ৰাকঃস্বাধীনতা দিৱস পালন কৰা হ’ব । অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অসম চৰকাৰে বিশেষ কিছু কাৰ্যসূচীৰে উদযাপন কৰিব স্বাধীনতা দিৱস । এই পৰিপেক্ষিতত দেওবাৰে প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ বাবে গুৱাহাটীৰ দীঘলীপুখুৰীৰৰ পাৰত কেন্দ্ৰীয় ভাৱে আয়োজন কৰা হৈছে এক বিশেষ কাৰ্যসূচী । অসম আৰক্ষীৰ মাৰ্চপাস্ট কৰা হ’ব দেওবাৰে ।
এই কাৰ্যসূচীত আৰক্ষী, এন চি চিৰ কেডাৰ, খেলুৱৈসকলে অংশগ্ৰহণ কৰি পেৰেড কৰিব । দেওবাৰে বিয়লি ৪.৩০ ত লতাশিলত পেৰেডৰ আৰম্ভণি হ’ব । লতাশিলৰ পৰা লেম্বৰোড হৈ, জিলা পুথিভঁড়াল হৈ সন্দিকৈ মহাবিদ্যালয় হৈ কটন বিশ্ববিদ্যালয় হৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ আহি ৱাৰ মেমৰিয়েলত সামৰণি পৰিব । এয়াৰ ফৰ্চৰ ফালৰ পৰা ব্ৰেণ্ড ডিছপ্লে কৰা হ’ব । পেৰেডত প্ৰায় ৪০০ লোকে অংশ গ্ৰহণ কৰিব ৷
এই সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰি লগতে কয় যে এই অনুষ্ঠান শেষ হোৱাৰ পিছতে অমৰ জোৱানৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হ’ব । তাৰ পিছতে আলোকসজ্জা কৰা হ’ব । তাৰ পিছতে দেশপ্ৰেমমূলক এক লেজাৰ শ্ব’ প্ৰদৰ্শন কৰা হ’ব । যান-বাহনৰ ক্ষেত্ৰত পথৰ সাল-সলনি কৰা হোৱা নাই যদিও পেৰেড হোৱা সময়ত ঠায়ে ঠায়ে গাড়ীবোৰ ৰখাই দিয়া হ’ব বুলিও জনাই মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ।
লগতে পঢ়ক : SPRO Kukil Dutta died : স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলনৰ সময়ত গুৱাহাটীত অসম আৰক্ষীৰ কনিষ্টবলৰ মৃত্যু