CM press conference: ১৫ আগষ্ট উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল

গুৱাহাটী, ৭আগষ্ট : আগন্তুক স্বাধীনতা দিৱস আজাদী কা অমৃত মহোৎসৱৰ পিছটো স্বাধীনতা দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদ মেলত সম্বোধন কৰে(Azadi Ka Amrit Mahotsav) । মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে এই স্বাধীনতা দিৱসৰ পিছতে দেশত অমৃত কাল আৰম্ভ হ’ব(Himanta Biswa Sarma)।
অমৃত মহোৎসৱৰ অংশ স্বৰূপে এইবাৰ স্বাধীনতা দিৱস কিছু সুকীয়াকৈ উদযাপন কৰা হ’ব(CM press conference)। সেই অনুসৰি ৮ আগষ্ট তাৰিখে ৰাজ্যৰ প্ৰতিখন গাঁও পঞ্চায়ত একোখনকৈ ফলক স্থাপন কৰা হ’ব, যিখন ফলকত সেই পঞ্চায়তৰ অধীনৰ গাঁৱৰ স্বাধীনতা সংগ্ৰামী, সেনা জোৱান, আৰক্ষী আদি শ্বহীদৰ নাম উল্লেখ থাকিব। এই ফলকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বাণীও থাকিব।
ইয়াৰ পিছত ৯–১৫ আগষ্টৰ ভিতৰত শিলা ফলকম স্থাপন কৰা স্থানত গাঁওৰ লোকসকলক একত্ৰিত কৰি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা পঞ্চপ্ৰাণ সংকল্প পাঠ কৰিব। এই সভাৰ ফটো ভাৰত চৰকাৰে আৰম্ভ কৰা নিৰ্দিষ্ট এটা পৰ্টেলত আপলোড কৰা হ’ব।
৯–১৫ আগষ্টৰ ভিতৰতে গাঁও পঞ্চায়তত ৭৫টি গছপুলি ৰোপণ কৰা হ’ব। এই কাৰ্যসূচী বসুধা বন্দন। এয়া অমৃত বৃক্ষ আন্দোলনৰ পৰা পৃথক(Chief Minister of Assam)।
১৪ আগষ্টত ৰাজ্যত বিভাজন-বিভীষিকা দিৱস পালন কৰা হ’ব। ভাৰত-পাকিস্তানৰ বিভাজনৰ স্মৃতিত এই দিৱস পালন কৰা হ’ব।
ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে ১৩ আগষ্টৰ সন্ধিয়া দীঘলীপুখুৰীত অসম আৰক্ষীয়ে মাৰ্ছপাষ্ট কৰিব। ১৫ আগষ্টত সকলোৱে ঘৰে ঘৰে তিৰংগা পতাকা লগাই স্বাধীনতা দিৱস উদযাপন কৰিব। যোৱাবাৰৰ হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ দৰে পালন কৰা হ’ব।
১৪ আগষ্টত ৰাজ্যত বিভাজন-বিভীষিকা দিৱস পালন কৰা হ’ব।
লগতে পঢ়ক :Mission Indradhanush : সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত মিশ্যন ইন্দ্ৰধনুষ ৫.০ আৰম্ভ