Tinsukia Murder case: নিজ মোমায়েকে হানি-খুচি হত্যা কৰিলে ভাগিনীয়েকক

তিনিচুকীয়া, ৩আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হত্যাকাণ্ডৰ ঘটনা । ৰাজ্যত পুনৰ এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । সঘনাই ৰাজ্যত ইটোৰ পিছত সিটো হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে । শেহতীয়াকৈ সংঘটিত কেইবাটাও এনে হৃদয় বিদাৰক হত্যাকাণ্ডই সমাজত মানুহৰ অপৰাধৰ প্ৰৱণতা যে বৃদ্ধি পাইছে তাকে প্ৰতিফলিত কৰিছে । আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত (Tinsukia Murder case)।
উল্লেখ্য যে, তিনিচুকীয়াৰ ফিল’বাৰী পদুমপথাৰ মইলাপুংত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।নিজ মোমায়েকে হানি-খুচি হত্যা কৰিলে ভাগিনীয়েকক।বুধবাৰে নিশা সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডৰ ঘটনাটো ।
জানিব পৰা মতে, তিনিচুকীয়াৰ ফিল’বাৰী পদুমপথাৰ মইলাপুংত গাঁৱত বুধবাৰে নিশা প্ৰায় ১১মান বজাত নিজ মোমায়েকে অধিক মদ্যপান কৰি আহে ঘৰলৈ । মদ্যপান কৰি আহি প্ৰথমে মাতৃ আৰু ভগ্নীক মাৰ-ধৰ কৰে ।আৰু অত্যাচাৰ কৰিবলৈ লয় ।আৰু নিজৰ প্ৰাণৰ ভয়ত মাতৃ আৰু ভগ্নী ঘৰৰ পৰা পলায়ন কৰে । সেয় সময়তে পাষণ্ড মোমায়েকে মাতৃ আৰু ভগ্নীক নাপায় শুই থকা ৭বছৰীয়া ভাগিনীয়েকক বিচনাৰ পৰা তললৈ নমাই আনে আৰু ত্ৰিশূলে হানি খুচি হত্যা কৰে আৰু পলাই যায় ।
এই সমগ্ৰ ঘটনাক পৰিয়ালৰ লোকে গাপ দিয়াৰ চেষ্টা কৰে যদিও স্থানীয় লোকে ঘটনাৰ খবৰ পায় এই সমগ্ৰ ঘটনাৰ বিষয়ে গাওঁ প্ৰধানক খবৰ দিয়ে আৰু গাওঁ প্ৰধানে সমগ্ৰ ঘটনাৰ বিষয়ে আৰক্ষীক খবৰ দিয়াত ফিল’বাৰী আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত।
পিছত ঘটনাস্থলীত তিনিচুকীয়া অতিৰিক্ত আৰক্ষী বিষয়া আৰু ডুমডুমা ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ শিশু গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ।
ফিল’বাৰী অঞ্চলত মাদক দ্ৰৱ্যৰ বেছি প্ৰচলন হোৱাৰ বাবে নৃশংস ঘটনা সংঘটিত হোৱা অভিযোগ কৰিছে একাংশ ৰাইজে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
বৰ্তমান অভিযুক্ত কৃষ্ণ বৰা পলাতক অৱস্থাত আছে । হত্যাকাৰী কৃষ্ণ বৰাইকক অতিসোনকালে আটক কৰি উচিত শাস্তি দিবলৈ দাবী জনাই স্থানীয় ৰাইজে।
লগতে পঢ়ক :Minor girl allegedly raped: জ্বলি থকা অৱস্থাত উদ্ধাৰ ১৪ বছৰীয়া কিশোৰীৰ মৃতদেহৰ অংশ