Electrocution Incident in Moran : বিদ্যুৎপৃষ্ঠ হৈ মাতৃ-পুত্ৰৰ মৃত্যুক লৈ মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও শ শ শ্ৰমিকৰ
মৰাণ, ১ আগষ্ট : বিদ্যৎপৃষ্ট হৈ মাতৃ-পুত্ৰৰ মৃত্যুৰ পিছতে নিশা মৰাণ চাহ বাগিচাৰ কাৰ্যালয় সৃষ্টি হয় (Electrocution Incident in Moran) উত্তপ্ত পৰিস্থিতি । বিদ্যুত বিভাগৰ গাফিলতিৰ পৰিণতিত দুজনকৈ লোকৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি ঘেৰাও কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক । বিদ্যুৎ বিভাগ আৰু বাগিচা কৰ্তৃপক্ষক দোষাৰোপ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে(Mother and Son die of Electric shock in Maran) ।
মৰাণৰ খটখটি বজাৰ লাইনত সোমবাৰে বিয়লি ৪৪০ ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মাতৃ-পুত্ৰৰ মৃত্যু হোৱাৰ পিছতেই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । বাগিচাখনৰ শ্ৰমিকৰ লগতে বিভিন্ন চাহ জনগোষ্ঠীৰ সংগঠনে মৰাণ চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
প্ৰতিবাদী ৰাইজে এই ঘটনাটোৰ বাবে বিদ্যুৎ বিভাগ আৰু বাগিচা কৰ্তৃপক্ষক দোষাৰোপ কৰি পৰিস্থিতি উত্তপ্ত কৰে । পৰিয়ালৰ অভিযোগ অনুসৰি ঘটনাৰ পাছতে বাগিচাৰ চিকিৎসালয়লৈ আহত মাতৃ-পুত্ৰক অনা হৈছিল যদিও চিকিৎসালয়ত নাছিল চিকিৎসক । ফলত তিলৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল যদিও মাতৃ-পুত্ৰক মৃত ঘোষণাৰ কৰে চিকিৎসকে । ইয়াৰ পিছতে নিশা মৰাণ চাহ বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ ওলাই আহিল শ শ শ্ৰমিক ।
এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰা হয় । আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও শ্ৰমিকসকলে নিজৰ স্থিতিত অটল থকাত পৰিস্থিতি অধিক জটিল হৈ পৰে । সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ লগতে মৰাণ চাহ বাগিচা চিকিৎসালয়ত ২৪ ঘন্টাই চিকিৎসকৰ ব্যৱস্থা কৰা, ২৪ ঘন্টাই বাগিচাত অক্সিজেনযুক্ত এম্বুলেঞ্চৰ ব্যৱস্থা কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে ৷
উল্লেখযোগ্য যে, সোমবাৰে আবেলি মৰাণৰ খটখটি বজাৰ লাইনত ৪৪০ ভল্টেজৰ বিদ্যুৎ পৰিবাঁহী তাঁৰ ছিঙি মাতৃ-পুত্ৰৰ অকাল মৃত্যু হয় । আবেলি ঘৰৰ চোতালত ৰিয়ান কৰ্মকাৰ নামৰ শিশুটোৱে খেলি থকাৰ সময়তে ঘৰৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰ হঠাৎ ছিগি পৰি যায় চোতালত ৷ ফলত চোতালত খেলি থকা ৰিয়ান কৰ্মকাৰে স্পৰ্শ কৰে বিদ্যুৎ পৰিবাহী ছিগা তাঁৰত ৷ ইফালে, সন্তানক ৰক্ষা কৰিবলৈ গৈ মাতৃ ৰিমা কৰ্মকাৰেও ছিগা বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰে ৷ ফলত দুই মাতৃ-পুত্ৰই বিদ্যুৎস্পৃষ্ট হয় মৃত্যু হয় ৷ আনহাতে, বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা হোৱা বুলি অভিযোগ কৰে মৃত ৰিমা কৰ্মকাৰৰ আত্মীয়ই ৷
আনহাতে APDCL ৰ তৰফৰা পৰা মৃত দুয়োগৰাকীকে ক্ষতিপুৰণ হিচাপে ৪ লাখকৈ টকা প্ৰদান কৰিব বুলি মাহমৰাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে সংবাদ মাধ্যমক জানাই ।