Local, Vocal, Global

BJP Names New General Secretary : বিজেপিত বৃহৎ সালসলনি,ফণীন্দ্ৰ নাথ শৰ্মাৰ নাম আঁতৰালে সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা

নেশ্যনেল ডেস্ক, ২৯জুলাই: অৱশেষত বিজেপিত বৃহৎ সালসলনি।বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰিল ফণীন্দ্ৰ নাথ শৰ্মা। অসমৰ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা ফণীন্দ্ৰ নাথ শৰ্মাক আঁতৰাই হাৰিয়াণাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰে । ইফালে হাৰিয়ানাৰ পূৰ্বে সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ বিজেপিৰ দলৰ নতুন সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰিছে(Both G R Raju and phanindranath Sharma will be swapping their positions) ।

উল্লেখ্য যে, ফণীন্দ্ৰ নাথ শৰ্মাৰ স্থানত নিযুক্তি প্ৰদান কৰা হৈছে পূৰ্বৰ হাৰিয়ানাৰ সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুক।

জানিব পৰা মতে, অসমৰ উপৰিও জি আৰ ৰবীন্দ্ৰ ৰাজুৰ হাতত ত্ৰিপুৰাৰ দায়িত্ব থাকিব । ত্ৰিপুৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দিলে এই নিযুক্তি।

উল্লেখ্য যে, ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ব্যাপক সালসলনি কৰিছে বিজেপিয়ে সাংগঠনিক দিশত। সেই অনুসৰিয়েই ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ দায়িত্বৰ পৰা অব্যাহতি দি হাৰিয়াণাৰ দায়িত্ব প্ৰদান কৰিছে।

ইফালে অসমৰ সাংগঠনিক দায়িত্ব লাভ কৰা জি আৰ ৰবীন্দ্ৰ ৰাজু বিজেপিৰ ভৱন নিৰ্মাণ কমিটীৰ অধ্যক্ষৰ দায়িত্বত আছে । জি আৰ ৰবীন্দ্ৰ ৰাজু দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশত প্ৰান্তীয় সাংগঠনিক সম্পাদক হিচাপেও দায়িত্ব পালন কৰিছিল।

বিজেপিৰ এনে সালসলনিত বিজেপিৰ ভিতৰচৰাত একাংশ উৎফুল্লিত হৈ পৰাৰ বিপৰীতে আন একাংশ চিন্তিত হৈ পৰিছে। শেহতীয়াকৈ অসম বিজেপিৰ একাংশ নেতাই মুকলিকৈয়ে ইয়াক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে লগতে ফণীন্দ্ৰনাথ শৰ্মাৰ বিৰুদ্ধেও কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছিল (BJP Names New General Secretary for State Units) ।

বিজেপিৰ নতুন সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজুৱে দলটোৰ ভিতৰচৰাৰ পৰিস্থিতিক কিদৰে চম্ভালিব আৰু ইয়াক অধিক শক্তিশালী কৰে সেয়া সময়ত হ’ব লক্ষ্যণীয়।

লগতে পঢ়ক : Sonia Gandhi Comment on Rahul Marriage : ৰাহুলৰ বিয়াৰ বাবে কইনা বিচাৰি দিয়াৰ দায়িত্ব দিলে ছোনিয়াই, কাক দিলে দায়িত্ব?