Helicopter crash in Nepal: নেপালত নিৰুদ্দিষ্ট হেলিকপ্টাৰৰ ধ্বংসাৱশেষৰ লগতে উদ্ধাৰ ৫ টা মৃতদেহ
ইণ্টাৰনেশ্যনেল ডেস্ক, ১১ জুলাই : মঙলবাৰে পুৱা নেপালত সন্ধানহীন হৈছিল এখন হেলিকপ্টাৰ (Helicopter crash in Nepal)। মাউণ্ট এভাৰেষ্টৰ সমীপত ৬জন যাত্ৰীসহ সন্ধানহীন হৈছিল এই হেলিকপ্টাৰখন (Helicopter missing in Nepal) । শেহতীয়াকৈ পোৱা তথ্য অনুসৰি, সন্ধানহীন হোৱা এই হেলিকপ্তাৰখন দেশখনৰ লামাজুৰা দণ্ডা নামৰ এক পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হৈছিল । ইয়াৰ পিছতেই অভিযানকাৰী দলে অভিযান চলাই দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰখনৰ লগতে পাঁচটা মৃতদেহ উদ্ধাৰ কৰিছে ।
দেশখনৰ কোশী প্ৰদেশ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ৰাজেশনাথ বস্তোলা(Koshi Province Police DIG Rajeshnath Bastola)ই ফোনযোগে সংবাদ প্ৰতিষ্ঠানক জনোৱা অনুসৰি, লিখু পিকে গাঁও পৰিষদ আৰু দুধকুণ্ডা পৌৰসভা-২ৰ সীমান্তৰ লামাজুৰা দণ্ডাত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষৰ লগতে ৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে (Helicopter found at Lamajura Danda area) ।”
আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, হেলিকপ্টাৰখনে সম্ভৱতঃ পাহাৰৰ শিখৰত থকা গছত খুন্দা মাৰিছিল (Helicopter seems to have hit a tree on hilltop) । অৱশ্যে উদ্ধাৰ কৰা মৃতদেহকেইটাৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই এটা টুইটৰ জড়িয়তে উল্লেখ কৰিছিল যে (Civil Aviation Authority of Nepal tweeted), “স্থানীয় সময় অনুসৰি পুৱা ১০:০৫ বজাত সুৰ্কে (সোলুখুম্বু)ৰ পৰা কাঠমাণ্ডুলৈ যাত্ৰা কৰা ৯এন-এএমভি (এএছ ৫০) মানাং এয়াৰ হেলিকপ্টাৰখনে(Manang Air helicopter) কণ্ট্ৰল ৰূমৰ পৰা যোগাযোগৰ বাহিৰলৈ গুছি গৈছিল । এজন কেপ্টেইন আৰু পাঁচজন যাত্ৰীকে ধৰি বিমানখনত মুঠ ব্যক্তি আছিল ৬ গৰাকী । ঘটনাৰ খবৰ পোৱাৰ পাছতেই এখন Altitude Air helicopter নিৰুদ্দিষ্ট হেলিকপ্তাৰখনৰ সন্ধান আৰু উদ্ধাৰৰ বাবে কাঠমাণ্ডুৰ পৰা ৰাওনা হৈছিল ।”