Local, Vocal, Global

Flood in Assam: ধেমাজিৰ গোগামুখত বানৰ তাণ্ডৱ অব্যাহত, বানক্ষতিগ্ৰস্ত ৰাইজৰ মাজত হাহাকাৰ

ধেমাজি, ১১ জুলাই: ন-নদী আৰু জীয়াঢলৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৰতুৱা, ফুলবাৰী, বেতনীসূলা, চুতীয়াকাৰী, বৰদৈ বালি, বেৰভঙা, চেলাজান, লটাক, লটিয়া, নপাম, ভেৰভঙাকে ধৰি বহুকেইখন গাঁও (Flood in Assam) । শেহতীয়াকৈ ফুলবাৰী-বৰদৈবালি সংযোগী পথৰ ওপৰেদিও বাগৰিছে পানী । ফলত অতি বিপদসংকুল ভাৱে অঞ্চলবাসীয়ে কৰিব লগা হৈছে যাতায়ত ।

প্ৰাপ্ত তথ্য অনুসৰি, যিকোনো মূহুৰ্তত ন-নদী আৰু জিয়াঢলৰ বাঢ়নী পানীয়ে সম্পূৰ্ণ ৰূপে বুৰাই পেলাব পাৰে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত পোন্ধৰখনৰো অধিক গাঁও । ইতিমধ্যে বাঢ়নী পানীয়ে বুৰাই পেলাইছে খেতি বৃহত্তৰ অঞ্চলটোৰ খেতি পথাৰ । তাৰোপৰি বিচ্ছিন্ন বহুকেইখন গাঁৱৰ ভিতৰৰ পথবোৰেৰে যোগাযোগ বিচ্চিন্ন হৈ পৰিছে (Flood in Dhemaji) ।

বানৰ এই ভয়ংকৰ ৰূপৰ বাবে ভয় শংকাৰ মাজেদি উজাগৰি নিশা কটাবলগীয়া হৈছে গাওঁবাসীয়ে ।

এনে পৰিস্থিতিত বান ক্ষতিগ্ৰস্ত লোকসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাহাকাৰ । ফিল্টাৰ কৰি লেটেৰা পানীকে খাবলগীয়া হৈছে বন্যাৰ্ত ৰাইজে । বানৰ কৱলত ককবকাই থকাৰ পিছতো বান ক্ষতিগ্ৰস্ত লোকসকলক সাহাৰ্যৰ বাবে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভোক্তভোগী ৰাইজে ।

ন-নদী আৰু জীয়াঢলৰ বাঢ়নী পানীৰ ভয়ংকৰ ৰূপৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে এই সকল বানাক্ৰান্ত ৰাইজৰ । সকলোৰে দাবী, অতি সোনকালে বান ক্ষতিগ্ৰস্ত ৰাইজক সাহাৰ্য প্ৰদানৰ লগতে থাকিব পৰাকৈ শিবিৰ স্থাপনৰ জড়িয়তে এইসকল দূৰ্ভগীয়া লোকক সহায় কৰক চৰকাৰে ।

লগতে পঢ়ক: Massive landslide in Uttarakhand : ৰাষ্ট্ৰীয় ঘাইপথত ধ্বংসাৱশেষ পৰি ৪ জন লোক নিহত , ১০ জন আহত