Local, Vocal, Global

Man killed wife and committed suicide: পত্নীক হত্যা কৰি স্বামীয়েও কৰিলে আত্মহত্যা

নেশ্যনেল ডেস্ক, ১১ জুলাই : ঘৰুৱা কণ্ডলৰ বাবেই এজন ব্যক্তিয়ে হত্যা কৰিলে তেওঁৰ পত্নীক (A man allegedly killed his wife) । হাতুৰীৰে কোবাই পত্নীক হত্যা কৰাৰ পাছতে ব্যক্তিজনে ফাঁচী লৈ নিজেও আত্মহত্যা কৰে (Husband hit wife with hammer) । এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ছত্তীশগড়ৰ কোৰবা জিলাত (Man killed wife and committed suicide) । জিলাখনৰ উৰ্গা আৰক্ষী থানাৰ অন্তৰ্গত ধন্ধনী গাঁৱত মঙলবাৰে মাজনিশা প্ৰায় ১ বজাত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো । আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে পুৱা ৩৭ বছৰীয়া পৱন বিঞ্জৱাৰ আৰু তেওঁৰ ৩৫ বছৰীয়া পত্নী সুখমতী বিঞ্জৱাৰ তেওঁৰ শহুৰেকৰ ঘৰলৈ গৈছিল ।

সেইদিনাই নিশা দুয়ো ঘৰলৈকো উভতি আহিল । ইয়াৰ পিছত কোনো বিষয়ত দম্পতীটোৰ মাজত তৰ্কাতৰ্কি লাগে (Irreconcilable conflict and exchange of words) । দুয়োৰে মাজত হোৱা কাজিয়াখন ইয়ানেই ডাঙৰ হৈ পৰে যে, খঙত অগ্নিশৰ্মা হৈ পৱন নামৰ ব্যক্তিজনে হাতুৰীৰে প্ৰচণ্ড জোৰাৰে কোবাই পত্নীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ।

এই কাজিয়াৰ কথা অৱগত হৈ কাষৰ আত্মীয়ই ঘৰখনত উপস্থিত হৈ গুৰুতৰভাৱে আহত সুখমতীক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওক মৃত বুলি ঘোষণা কৰে । ইফালে পত্নীৰ মৃত্যুৰ পিছতে হত্যাৰ অভিযুক্ত স্বামী পৱনেও নিজৰ ঘৰতে ফাঁচী লৈ আত্মহত্যা কৰে। মৃতকৰ ভাতৃ মনোজ কুমাৰে উল্লেখ কৰা অনুসৰি, পূৰ্বৰে পৰাই দুয়োৰে মাজত কিছু বিবাদ চলি আছিল । এই বিবাদৰ বাবেই পৱনে সুৰাপান কৰি তেওঁৰ ভনীয়েকৰ মূৰত আঘাত কৰি পৱনে হত্যা কৰিলে ।

এজন ব্যক্তিয়ে পত্নীক আত্মহত্যা কৰি নিজেও আত্মহত্যা কৰাৰ খবৰটো লাভ কৰাৰ লগে লগে আৰক্ষীও উপস্থিত হয় ঘটনাস্থলীত । আৰক্ষীয়েও মহিলাগৰাকীক বচাবৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত স্থানীয় লোকক সহায় কৰিছিল যদিও কোনো লাভ নহ’ল ।

লগতে গাঁওখনৰ গাঁওপ্ৰধানগৰাকীয়ে কলে, ‘মই যেতিয়া সেই স্থানত উপস্থিত হৈছিলোগৈ তেতিয়া মহিলাগৰাকীয়ে উশাহ লৈয়েই আছিল । চিকিৎসালয়লৈ নিয়াৰ পথতহে তেওঁৰ মৃত্যু হয়’।

ইতিমধ্যে উৰ্গা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সংঘটিত হোৱা কোঠাটো ছীল কৰি দিছে । তাৰোপৰি ফৰেনছিক বিশেষজ্ঞ আৰু ডগ স্কোয়াডৰ দলো(Forensic experts and dog squad) গৈ উপস্থিত হৈছে ঘটনাস্থলী । ইফালে মৃত ব্যক্তিজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । ঘটনাটোক লৈ আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে । অৱশ্যে বৰ্তমানেও পতি পত্নীৰ মাজত হোৱা বিবাদৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই । দম্পতীটোৰ মৃত্যুত সমগ্ৰ গাঁওখনতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Massive landslide in Uttarakhand : ৰাষ্ট্ৰীয় ঘাইপথত ধ্বংসাৱশেষ পৰি ৪ জন লোক নিহত , ১০ জন আহত