Local, Vocal, Global

Trinamool Congress visit to Manipur : ১৪ জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া দলীয় প্ৰতিনিধি দল

নেশ্যনেল ডেস্ক, ১১ জুলাই : ১৪ জুলাইত মণিপুৰ ভ্ৰমণ কৰিব তৃণমূল কংগ্ৰেছে(Trinamool Congress visit to Manipur) । সোমবাৰে তৃণমূল কংগ্ৰেছে জানিবলৈ দিয়ে এই কথা ৷

১৪ জুলাইত হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰিবলৈ তৃণমূল কংগ্ৰেছৰ পাঁচজনীয়া দলীয় প্ৰতিনিধি দলক প্ৰেৰণ কৰা হ’ব (Trinamool Congress visit to Manipur)। সোমবাৰে তৃণমূল কংগ্ৰেছে টুইটযোগে জনাই এই কথা ৷

উল্লেখ্য যে, ৩ মে’ৰ পৰা ৰাজ্যখনত জাতিগত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছতে ১২০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবাজনো আহত হৈছে । টিএমচিৰ প্ৰতিনিধি দলটোত ৰাজ্যসভাৰ নেতা ডেৰেক অ’ব্ৰাইন, ৰাজ্যসভাৰ সাংসদ ডোলা সেন আৰু সুস্মিতা দেৱ আৰু লোকসভাৰ সাংসদ কাকোলি ঘোষ দস্তিদাৰ আৰু কল্যাণ বেনাৰ্জী থাকিব বুলি জানিব পৰা গৈছে ।

তৃণমূল কংগ্ৰেছৰ দলটোৱে এক টুইটযোগে এই কথা জনোৱাৰ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰকো চোকা ভাষাৰে সমালোচনা কৰে(TMC) ৷ তৃণমূল কংগ্ৰেছে কেন্দ্ৰ আৰু মণিপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰসমূহৰ বিভাজনকাৰী নীতিৰ ফলত জাতিগত সংঘাতৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।

মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেইসকলে ইম্ফল উপত্যকাত বেছিভাগেই বাস কৰে, আনহাতে নগা আৰু কুকিকে ধৰি জনজাতীয় লোকসকলে অৰ্থাৎ ৪০ শতাংশতকৈ অধিক লোকে পাহাৰীয়া জিলাখনত বাস কৰে ।

শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা টিএমচি শীৰ্ষ মমতা বেনাৰ্জীয়ে মণিপুৰত বিজেপিয়ে বিভাজনকাৰী ৰাজনীতি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি উত্তৰ-পূবৰ ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱা বুলি দলটোক সমালোচনা কৰে । বেনাৰ্জীয়ে তেওঁক মণিপুৰ ভ্ৰমণৰ অনুমতি দিবলৈ কেন্দ্ৰলৈ আবেদন জনাইছিল যদিও কোনো উত্তৰ নাপালে বুলি উল্লেখ কৰে ।

আনহাতে, তৃণমূল কংগ্ৰেছে মণিপুৰলৈ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্তৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বংগ বিজেপিয়ে 8 জুলাইত পঞ্চায়ত নিৰ্বাচনৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হোৱা জিলাসমূহলৈ টিএমচিয়ে প্ৰথমে তথ্য অনুসন্ধানকাৰী দল প্ৰেৰণ কৰিব লাগে বুলি কয় ৷

উল্লেখ্য যে, পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত কেইবাটাও হিংসাত্মক ঘটনাই জোকাৰি গৈছিল ৰাজ্যখন ৷ ১৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে বেলট বাকচ ভাঙি পেলোৱা হৈছিল । আনহাতে বেলট পেপাৰ জ্বলাই দিয়া কাণ্ডৰ সমান্তৰালভাৱে কেইবাঠাইতো প্ৰতিদ্বন্দ্বী দলৰ ওপৰত বোমা নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল । ৮ জুনত পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাজ্যখনত মৃত্যুৰ সংখ্যাই ৩০ জন অতিক্ৰম কৰিছে ।

লগতে পঢ়ক : NIA raids 5 places in Kashmir : সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত দক্ষিণ কাশ্মীৰৰ ৫ স্থানত NIAৰ অভিযান