Modi surname case : ৰাহুল গান্ধীৰ ‘মোদী উপাধি’ গোচৰৰ শুনানি

নেশ্যনেল ডেস্ক, ৪জুলাই : মঙলবাৰে পুনৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ মোদী উপাধি গোচৰৰ শুনানি গ্ৰহণ কৰে(Jharkhand High Court on Tuesday ordered) । আদালতে ৰাহুল গান্ধীৰ বিৰুদ্ধে আবেদনৰ শুনানি ৪ জুলাইলৈ স্থগিত ৰাখিছিল। ইয়াৰ পূৰ্বে ১৫ মে’ত শুনানি গ্ৰহণ কৰিছিল(Modi surname case) ।
উল্লেখ্য় যে, উক্ত গোচৰটোত পাটনাৰ এমপি-এমএলএ আদালতে ৰাহুল গান্ধীক শুনানি গ্ৰহণ কৰি শাৰীৰিকভাৱে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।
মঙলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অংশুলে এই গোচৰটোত ৰাহুল গান্ধীৰ হৈ তেওঁৰ পক্ষ উত্থাপন কৰে ।আজি ৰাহুল গান্ধীক ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে শাৰীৰিকভাৱে উপস্থিত থকাৰ পৰা সকাহ প্ৰদান কৰে।
প্ৰাপ্ত তথ্য় অনুসৰি, বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীল মোদীয়ে ২০১৯ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল । তেওঁৰ আবেদনখনত কোৱা হৈছিল যে ৰাহুল গান্ধীয়ে মোদীক চোৰ বুলি অভিহিত কৰি সমগ্ৰ মোদী সম্প্ৰদায়ক অপমান কৰিছে ।
২৩ মাৰ্চত চুৰাটৰ এখন আদালতে গান্ধীৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। তাৰ পাছত তেওঁ সংসদ সদস্য পদ হেৰুৱাৰ লগতে চৰকাৰী বাংলো খালী কৰে ৰাহুল গান্ধীয়ে।
আনহাতে, উচ্চ ন্যায়ালয়ে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰক্ৰিয়া স্থগিত ৰাখে। উচ্চ ন্যায়ালয়ে এতিয়া ১৬ আগষ্টত গোচৰটোৰ শুনানি ল’ব। তেওঁৰ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে চুৰাট উচ্চ ন্যায়ালয়তো এটা গোচৰ চলি আছে । একেটা গোচৰৰ ওপৰতে মঙলবাৰে পাটনা আদালতে শুনানি গ্ৰহণ কৰে । পাটনা উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধী গোচৰৰ ওপৰত কি ৰায় দিয়ে সেয়া সময়ত লক্ষণীয় হ’ব ।
লগতে পঢ়ক : Mother And Daughter Gang Raped : দিব্যাংগ মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণ