Parents against love marriage : জীয়েকৰ প্ৰেম বিবাহত অসন্তুষ্ট পৰিয়াল, জোঁৱায়েকক দিলে বিবাহ বিচ্ছেদৰ ধমক
নেশ্যনেল ডেস্ক, ১ জুলাই : উত্তৰ প্ৰদেশৰ তাজনগৰী থানাৰ কাগাৰোল অঞ্চলৰ এজন যুৱকে ৰাজস্থানৰ এগৰাকী যুৱতীৰ সৈতে পলায়ন কৰি বিবাহ পাশত আবদ্ধ হৈছিল (Parents against love marriage) । এই বিবাহক লৈ অসন্তুষ্ট আছিল যুৱতীগৰাকীৰ পৰিয়ালৰ লোক (Family unhappy with daughters love marriage)। ইয়াৰ পিছত দম্পত্তিটোৰ মাজত ভাঙোন অনাৰ পৰিকল্পনাৰে বুদ্ধিৰে যুৱতাগৰাকীক ঘৰলৈ লৈ যায়। এতিয়া যুৱতীগৰাকীৰ আত্মীয়ই যুৱকজনক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে (Pressure to divorce) । যুৱকজনৰ অভিযোগ, এই প্ৰস্তাৱ অস্বীকাৰ কৰাত তেওঁক এতিয়া শহুৰেকৰ ঘৰখনে হত্যাৰ ভাবুকি প্ৰদান কৰিছে । ইয়াৰ লগতে তেওঁক কোনো ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকিও প্ৰদান কৰিছে ।
দৰাচলতে অঞ্চলটোৰে এখন গাঁৱত বাস কৰা এজন যুৱকৰ ৰাজস্থানৰ আলৱাৰৰ এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু জীৱনে মৰণে একেলগে থকাৰ পণ লৈছিল (A youth love affair with a girl) । পৰৱৰ্তী সময়ত যুৱতীগৰাকীয়ে পৰিয়ালৰ মতৰ বিৰুদ্ধে গৈ আৰ্য্য সমাজৰ মন্দিৰত যুৱকজনেৰে বিবাহ পাশত আৱদ্ধ হৈছিল । লগতে দুয়ো তহচিললৈ গৈ তেওঁলোকৰ বিয়াৰ পঞ্জীয়নো কৰাই লৈছিল । বিয়াৰ পিছত যুৱতীগৰাকীয়ে যুৱকজনৰ লগত তেওঁৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে ।
যুৱকজনৰ অভিযোগ যে, তেওলোকৰ বিবাহক লৈ যুৱতীগৰাকীৰ পৰিয়ালৰ লোকসকল অসন্তুষ্ট আছিল । সমাজত লোক লজ্জাৰ কথা কৈ তেওঁলোকৰ ছোৱালীক ঘৰৰ পৰা সামাজিকভাৱে বিয়া হৈ যোৱাৰ প্ৰস্তাৱ দিলে । লগতে যুৱকজনে অভিযোগ কৰিলে যে, শহুৰেকৰ পৰিয়ালটোৱে তেওঁৰ পত্নীক বিভিন্ন কথা কৈ বিপথে পৰিচালিত কৰি ঘৰলৈ লৈ যায় । ঘৰলৈ যোৱাৰ সময়ত তেওঁৰ পত্নীয়ে লগত লৈ গৈছিল যুৱকজনৰ ঘৰৰ ২৫ হাজাৰ টকাৰ নগদ ধন আৰু পৈতৃক গহনা । ঘৰলৈ যোৱাৰ পাছত এতিয়া পত্নীক তেওঁৰ সৈতে কথা পাতিবলৈ শহুৰেকৰ ঘৰৰ পৰিয়ালে অনুমতি দিয়া নাই। লগতে তেওঁক বিবাহ বিচ্ছেদ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে । যুৱকজনে কয় যে বিবাহ বিচ্ছেদ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁক হত্যা কৰাৰো ভাবুকি প্ৰদান কৰিছে ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱকজনে কাগাৰোল থানাত এখন এজাহাৰ দাখিল কৰিছে । এজাহাৰত উল্লেখ কৰা অনুসৰি, বিগত ৫ মে’ত তেওঁৰ শহুৰেকৰ লগতে পৰিয়ালৰ আন সদস্যসকল তেওঁৰ ঘৰলৈ আহিছিল । তেওঁলোকে যুৱতীগৰাকীৰ লগত বিবাহ বিচ্ছেদ কৰিবলৈ তেওঁক হেঁচা দিয়াৰ লগতে বিভিন্ন গালি-গালাজ পাৰে । ঘৰৰ পৰা যোৱাৰ সময়তো ‘তোক জীয়াই নাৰাখো’ বুলি ভাবুকি প্ৰদান কৰি থৈ যায় । ইফালে তেওঁৰ পত্নীকো শহুৰেকৰ ঘৰৰ সদস্যসকলে ঘৰলৈ নি আবদ্ধ কৰি ৰাখিছে । এতিয়া পৰিয়ালটোৱে তেওঁৰ পত্নীৰ লগতো কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব পাৰে । লগতে পত্নীক আন কাৰোবাৰ লগত বিয়াও পাতি দিব পাৰে । বৰ্তমান যুৱকজনৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ শহুৰেকৰ পৰিয়ালৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : Neeraj Chopra victory in Diamond League : দ্বিতীয়বাৰৰ বাবে ডাইমণ্ড লীগত খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ