Local, Vocal, Global

Dighalipukhuri : ১৫ বছৰলৈ গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী

নিউজ ডেস্ক, ১ জুলাই : জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰে এপদ এপদ কৈ অসমৰ সম্পদ বহিঃৰাজ্যৰ পুঁজিপতি, গুজৰাটৰ ব্যৱসায়ীক প্ৰতিষ্ঠানক গতাই দিলে(Dighalipukhuri) ।

শুকুৰবাৰে আপৰ অসম ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত দলটোৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে (Dighalipukhuri)। তেওঁ কয় যে সকলো সা-সুবিধা থকাৰ পিছতো চৰকাৰী বিভাগসমূহো এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হ’ব লগা হৈছে (Dighalipukhuri)।

ইতিমধ্যে চৰকাৰী সদিচ্চাৰ অভাৱত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান এফালৰ পৰা ব্যক্তিগতকৰণ হ’ব ধৰিছে । চৰকাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ ২০০খনকৈ ইলেকট্রিক বাছ, পশু চিকিৎসা বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটক ব্যক্তিগত প্ৰতিষ্ঠানক গতাবলৈ প্ৰস্তুতি চলাইছে ।

মহাভাৰতৰে সম্পৰ্ক থকা ঐতিহাসিক দীঘলীপুখুৰী ৰাজ্য চৰকাৰে গতালে গুজৰাটী বনিয়াক(allotted dighalipukhuri park to gujrati)প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই তেওঁৰ কন্যা দীঘলীৰ নামেৰে খন্দোৱা এই পুখুৰী এতিয়াৰে পৰা গুজৰাটীৰ তত্বাৱধানত থাকিব। এক কথাত অসমীয়াৰ আৱেগক বিক্ৰী কৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে।

শেহতীয়াকৈ বিকাশ আৰু উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰখনে গুৱাহাটীৰ মাজমজিয়াত থকা সৌন্দৰ্যৰ আকৰ গুৱাহাটীৰ গৌৰৱ দীঘলীপুখুৰীটোও গটাইছে গুজৰাটী ব্যৱসায়ী প্ৰতিষ্ঠানক ৷‘ই চি এইচ টি কংলোমেৰাত প্ৰইভেট লিমিটড’ নামৰ গুজৰাটৰ আহমেদাবাদৰ প্ৰতিষ্ঠানটোক দীঘলীপুখুৰীৰ লগতে পাৰ্ক, ৰেস্তোৰাঁ, নৌকা আদি সকলো ১৫ বছৰৰ বাবে আৱণ্টন দিছে পর্যটন বিভাগে । তেওঁ লগতে কয় যে এই দীঘলীপুখুৰীৰ পাৰ্ক, ৰেস্তোঁৰা আগতে এজন অসমীয়া লোকে চলাইছিল । নাওঁ কেইখন চলাইছিল বিভাগে নিজে ।

এই সন্দৰ্ভত আপৰ উপ-সভাপতি জিতুল ডেকাই কয় যে, এই দীঘলীপুখুৰীৰ পাৰ্ক, ৰেস্তোৰাঁ আগতে এগৰাকী অসমীয়া লোকে চলাইছিল। নাওঁ কেইখন চলাইছিল বিভাগে নিজে। কিন্তু হঠাৎ চৰকাৰে এনেদৰে গুজৰাটৰ ব্যৱসায়ীক গটাই দিয়া কাৰ্যই হোটেল, ৰেস্তোৰাৰ ব্যৱসায় কৰা সফল অসমীয়া ব্যৱসায়ীসকল আচৰিত হৈছে।

কাৰণ অসমত এতিয়া হোটেল, পর্যটন ক্ষেত্ৰখনত বহু স্থানীয় সফল উদ্যোগীয়ে আত্মপ্রকাশ কৰিছে। কিন্তু চৰকাৰৰ নজৰত দীঘলীপুখুৰীৰ পর্যটন ক্ষেত্ৰখন চলাব পৰা কোনো অসমীয়া উদ্যোগী নোলাল। সেয়ে গুজৰাটৰ ব্যৱসায়িক দীঘলী পুখুৰী গতালে ।

পর্যটন বিভাগে এই নিবিদা প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন কৰা নাছিল । এই নিবিদাৰ কথা বহুল ভাবে প্ৰচাৰ নকৰিলে । যিখন চৰকাৰে নিবনুৱাক ব্যৱসায় কৰিবলৈ দুই লাখ টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে সেইখন চৰকাৰে দীঘলীপুখুৰীক কেন্দ্ৰ কৰি গঢ় কৈ উঠা ব্যৱসায়সমূহ অসমীয়া যুৱকক দিব লাগিছিল।

সাধাৰণ দীঘলীপুখুৰীটোও গুজৰাটৰ ব্যৱসায়ী প্ৰতিষ্ঠানক গতোৱা চৰকাৰখনে সংগোপনে আৰু কি কি সম্পদ গতাব, তাৰ ওপৰত নজৰ ৰাখিব লাগিব । হয়তো কাইলৈ শিলসাঁকো অঞ্চলটোও এনে ব্যক্তিগত প্রতিষ্ঠানক গটাই দিব।

ইয়াৰোপৰি তেওঁ কয়, সকলো সা সুবিধা থকাৰ পিছতো চৰকাৰী বিভাগসমূহো এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হ’বলগা হৈছে । ইতিমধ্যে চৰকাৰী সদিচ্চাৰ অভাৱত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান এফালৰ পৰা ব্যক্তিগতকৰণ হব ধৰিছে। চৰকাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২০০খনকৈ ইলেকট্রিক বাছ, পশু চিকিৎসা বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটক ব্যক্তিগত প্ৰতিষ্ঠানক গতাবলৈ প্ৰস্তুতি চলাইছে।

সাধাৰণ দীঘলীপুখুৰীটোও গুজৰাটৰ ব্যৱসায়ী প্ৰতিষ্ঠানক গতোৱা চৰকাৰখনে সংগোপনে আৰু কি কি সম্পদ গতাব, তাৰ ওপৰত নজৰ ৰাখিব লাগিব বুলি তেওঁ সদৰী কৰে । হয়তো কাইলৈ শিলসাঁকো অঞ্চলটোও এনে ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিব পাৰে বুলি তেওঁ অভিযোগ কৰে । সংবাদমেলত আপৰ সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা আৰু যুটীয়া সম্পাদক অম্লানজ্যোতি হাতী বৰুৱা উপস্থিত আছিল ।

লগতে পঢ়ক : India recorded third highest heatwave: বিগত ২৩ বছৰত ভাৰতত এইবাৰ তৃতীয় সৰ্বাধিক গৰমৰ ৰেকৰ্ড : বতৰ বিজ্ঞান বিভাগ