“Main taali bajati nahi…” : সুস্মিতা সেনে শ্বেয়াৰ কৰিলে ‘তালি’ৰ এটা আকৰ্ষণীয় ভিডিঅ’
এণ্টাৰটেইনমেণ্ট ডেস্ক, ১ জুলাই: জুন মাহৰ শেষৰ দিনটোত অৰ্থাৎ শুকুৰবাৰে সুস্মিতা সেন অভিনীত আহিবলগীয়া ৱেব চিৰিজ ‘তালি’ৰ নিৰ্মাতাই ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে এটা ভিডিঅ’(Sushmita Sens Upcoming series Taali)।
জিঅ’ চিনেমাই ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “Laakh gira de bijli mujhpe, mai toh satrang banu. #HappyPride. Featuring @sushmitasen47 as the remarkable @shreegaurisawant in #TaaliOnJioCinema. Coming soon. Directed by @ravijadhavofficial. Created by @arjunsbaran & @kartiknishandar.”
https://www.instagram.com/reel/CuHXhi4r3vT/?
ভিডিঅ’টোত গৌৰী এ.কে.এ.ৰ চৰিত্ৰটোত অভিনয় কৰা সুস্মিতা সেনৰ কপালৰ অংশৰ এক আকৰ্ষণীয় আভাস প্ৰদৰ্শন কৰা হৈছে, য’ত এগৰাকী ট্ৰেন্স ব্যক্তি হিচাপে সুস্মিতাই অভিনয় কৰিছে (Biopic of transgender activist Shreegauri Sawant)। ভিচিঅ’টোত সংলগ্ন এখন মোচন পোষ্টাৰৰ বেকগ্ৰাউণ্ডত সুস্মিতাই কোৱা শুনা গ’ল, “मैं ताली बजाती नहीं…(Main taali bajati nahi bajwati hoon)।”
‘তালি’ নামৰ এই ৱেব চিৰিজখন ট্ৰেন্সজেণ্ডাৰ কৰ্মী শ্ৰীগৌৰী সাৱন্তৰ ওপৰত নিৰ্মিত এখন বায়’পিক, য’ত সুস্মিতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অৱশ্যে এই ৱেব চিৰিজখনৰ ষ্ট্ৰীমিং ডেট এতিয়াও অফিচিয়েলি ঘোষণা কৰা হোৱা নাই ।
নিজৰ ফাৰ্ষ্ট লুকটোক লৈ পূৰ্বতে তেওঁ কৈছিল, “সংগ্ৰাম, স্থিতিস্থাপকতা, আৰু অদম্য শক্তিৰ এটা কাহিনী …সেয়া হৈছে শ্ৰীগৌৰী সাৱন্ত! প্ৰত্যাহ্বানেৰে ভৰা এই যাত্ৰাক কঢ়িয়াই লৈ যোৱাটোৱে মোক বিশেষ কৃতজ্ঞ অথবা গৌৰৱান্বিত নকৰে… মাথোঁ বিপ্লৱৰ সাক্ষী হ’বলৈ দিয়াটোয়ে মোৰ কাৰণে যথেষ্ট !… এইটো এটা বহুগুণে বিশেষ কাৰণ আৰু ইয়াৰ বাবে Viacom18ৰ সৈতে জড়িত হ’বলৈ পাই মই সঁচাকৈয়ে উৎসাহিত । আৰু কি আছে সেয়া জানিবলৈ অপেক্ষা কৰক !”
গণেশ নামেৰে জন্মগ্ৰহণ কৰি পুনেত ডাঙৰ-দীঘল হোৱা শ্ৰীগৌৰী সাৱন্ত হৈছে মুম্বাইৰ এগৰাকী ট্ৰেন্সজেণ্ডাৰ কৰ্মী। তেওঁ 2013 চনৰ ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (National Legal Services Authority) গোচৰৰ অন্যতম আবেদনকাৰী আছিল, যাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ ব্যক্তিসকলক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিছিল। যুগান্তকাৰী এই ৰায়দানটো ২০১৪ চনত প্ৰদান কৰা হৈছিল।
আহিবলগীয়া বায়’পিকখনে শ্ৰীগৌৰী সাৱন্তৰ প্ৰেৰণাদায়ক জীৱনৰ ওপৰত এক সুন্দৰ আলোকপাত কৰিব য’ত থাকিব তেওঁৰ শৈশৱ, পৰিৱৰ্তন, আৰু ভাৰতত ট্ৰেন্সজেণ্ডাৰ আন্দোলনক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ কৰা অৱদানসমূহ । চৰিত্ৰটোৰ ভিতৰত সোমাই শ্ৰীগৌৰী সাৱন্তৰ ৰূপত সুস্মিতাৰ দুৰ্দান্ত আৰু সাহসী অভিনয় চাবৰ বাবে ইতিমধ্যেই দৰ্শকৰ মাজত প্ৰত্যাশাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
অৰ্জুন সিং বৰণ আৰু কাৰ্টিক ডি নিশান্দৰৰ দ্বাৰা নিৰ্মিত এই বায়’পিকখনৰ পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী পৰিচালক ৰবি জাধৱে আৰু প্ৰযোজনা কৰিছে অৰ্জুন সিং বৰণ, কাৰ্টিক ডি নিশান্দৰ আৰু আফিফা নাদিয়াদৱালে। এই প্ৰজেক্টটোৰ উপৰিও সুস্মিতাক Disney+ Hotstar ৰ ‘আৰ্য ছিজন ৩’তো দেখিবলৈ পোৱা যাব।