Local, Vocal, Global

Chhattisgarh bus Accident : ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ২৬ গৰাকীকৈ লোক

নেশ্যনেল ডেস্ক, ১৯ জুন : ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা(bus Accident)। সোমবাৰে পুৱাই ছত্তীশগড়ৰ ৰায়গড় জিলাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়(Chhattisgarh bus Accident) ।এখন দ্ৰুতবেগী যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে দলঙৰ ৰেলিঙত । ফলত যাত্ৰীবাহী বাছখনত থকা ২৬ গৰাকীকৈ যাত্ৰী আহত হয় (26 injured after driver crashes bus into bridge)। আহত আটাইকে জনক ওচৰলৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰভাৱে আহত কেইজনক উন্নত চিকিৎসাৰ বাবে ৰায়গড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা জানিব পৰা মতে তাৰে দুজনৰ অৱস্থা সংকটজনক (two people in critical condition) ।

প্ৰাপ্ত তথ্য অনুসৰি দুৰ্ঘটনাটো ৰায়গড় জিলাৰ ঘৰঘোড়াৰ সমীপত এখন দলঙৰ ওপৰত সংঘটিত হৈছিল । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দলংখনত খুন্দা মৰাৰ পাছত, বাছখনৰ সন্মুখৰ অংশ আৰু বাওঁফালৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে আৰু লগে লগে দুৰ্ঘটনাৰ সম্পৰ্কে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে । ঘটনাটোৰ খবৰ পোৱাৰ কিছু সময়ৰ পাছতে আৰক্ষী আৰু প্ৰশাসনৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হয় । স্থানীয় লোকৰ সহযোগত আৰক্ষীত বাছখনৰ ভিতৰৰ পৰা লোকসকলক উদ্ধাৰ কৰে আৰু হাস্পতাললৈ প্ৰেৰণ কৰে ।

জানিব পৰা মতে, গাড়ী চলোৱাৰ সময়ত চালকজন ফোনত কথা পাতি আছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।

প্ৰায় ছত্তীশগড়ত পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যী দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।শেহতীয়াকৈ এপ্ৰিল মাহত সংঘটিত একেধৰণৰ দুৰ্ঘটনাত ছত্তীশগড়ত এখন বাছ বাগৰি পৰাত মহিলা আৰু শিশুসহ প্ৰায় ৪০ জন লোক আহত হৈছিল । সেই সময়ত আহতসকলক ততাতৈয়াকৈ আম্বাগড় চৌকীৰ এটা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল।

দেওবাৰে, পুৰণি ভিলাই আৰক্ষী থানাৰ অন্তৰ্গত এটা স্থানত এখন দ্ৰুতবেগী ট্ৰাকে বাইকত খুন্দা মাৰে । য’ত বাইক আৰোহী দুগৰাকী লোক গুৰুতৰভাৱে আঘাত হয় । দুয়োকে ততাতৈয়াকৈ ওচৰৰ চুপেলা চিকিৎসালয়লৈ লৈ যোৱা হয় । কিন্তু চিকিৎসালয়লৈ গৈ থকাৰ পূৰ্বে আহত দুইগৰাকী মৃত্যু হয় ।নিহত দুয়ো সম্পৰ্কত ভাই-ভনী আছিল বুলি জানিব পৰা গৈছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে জাঞ্জগিৰ চম্পা কোৰবা ৰোডত দুখন বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয় । সংঘৰ্ষৰ পাছতে, এখন বাহনত জুই লাগিছিল য’ত চালক আৰু সহযোগী জীৱন্তে অগ্নিদগ্ধ হয় । দুৰ্ঘটনাত পতিত আনখন বাহনৰো চালকজন গুৰুতৰভাৱে অগ্নিদগ্ধ হয় । সম্প্ৰতি চালকজন চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক : Delhi Double Murder :নিজ গৃহত গুলীয়াই হত্যা দুই ভগ্নীক