Local, Vocal, Global

Cyclone Biparjoy : গুজৰাটত বিৰাজ কৰিছে সম্ভাৱ্য ঘূৰ্ণীবতাহ বিপাৰজয়ৰ আশংকা

নেশ্যনেল ডেস্ক, ১৪ জুন : গুজৰাটত এতিয়া বিৰাজ কৰিছে সম্ভাৱ্য ঘূৰ্ণীবতাহ বিপাৰজয়ৰ আশংকা (Cyclone Biparjoy) । ইতিমধ্যে জামনগৰ জিলাত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে । যাৰ ফলত আবাসীসকলক স্থানান্তৰৰ কাম পূৰ্ণগতিত আৰম্ভ কৰা হৈছে । ঘূৰ্ণীবতাহ বিপাৰজয়ৰ পৰিপ্ৰেক্ষিতত জিলা পঞ্চায়ত জামনগৰৰ স্বাস্থ্য শাখাৰ দ্বাৰা ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

যিহেতু ঘূৰ্ণীবতাহ বিপাৰজয়ে বৃহস্পতিবাৰে তীব্ৰ বিভীষিকাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, সেয়ে কৰ্তৃপক্ষই যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হোৱাটো নিশ্চিত কৰিবলৈ উঠি-পৰি লাগিছে । কৰ্তৃপক্ষই উপকূলৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধ মুকলি কৰাৰ লক্ষ্যৰে বুধবাৰে অধিক লোকক স্থানান্তৰ কৰা হৈছে ।

শক্তিশালী ঘূৰ্ণীবতাহ বিপাৰয় গুজৰাট উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে কৰ্তৃপক্ষই ৰাজ্যখনৰ উপকূলৱৰ্তী জিলাসমূহত বাস কৰা কমেও ৩০,০০০ লোকক স্থানান্তৰিত কৰাৰ ক্ষেত্ৰত দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিছে । তাৰে ভিতৰত ৭৩ গৰাকী গৰ্ভৱতী মহিলাক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে (Cyclone Biparjoy to shift towards Saurashtra) ।

বৃহস্পতিবাৰে সন্ধিয়া গুজৰাটৰ কুচ্ছ জিলাৰ জাখৌ বন্দৰৰ ওচৰত ঘূৰ্ণীবতাহ বিপাৰজয়ে আঘাত কৰাৰ সম্ভাৱনা থকাৰ বাবে স্থানান্তৰিত কৰাসকলক অস্থায়ী আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে । আনহাতে, বুধবাৰৰ দিনটো ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), সেনা আৰু অন্যান্য উদ্ধাৰকাৰী তথা সাহায্য দলৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হ’ব । কিয়নো ঘূৰ্ণীবতাহে প্ৰচণ্ড ক্ষতি কৰাৰ পৰা সম্ভাৱনা থকা অঞ্চলবোৰত সকলো সুৰক্ষা ব্যৱস্থা সম্পন্ন কৰাটো নিশ্চিত কৰা হয় ।

উল্লেখ্য যে এনডিআৰএফৰ দলসমূহ সাহায্য অভিযান চলাবলৈ প্ৰস্তুত কৰি ৰখা হৈছে আৰু সেনাই উদ্ধাৰ ব্যৱস্থাৰ পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ বাবে অসামৰিক প্ৰশাসনৰ সৈতে উদ্ধাৰ বাহিনীত যোগ দিছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সহায় আগবঢ়োৱাৰ বাবে বান সাহায্য ব্যৱস্থাবোৰ কৌশলগতভাৱে স্থাপন কৰা হৈছে ।

আনহাতে, মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহৰ বিৰুদ্ধে মোকাবিলাৰ প্ৰস্তুতি মূল্যায়নৰ বাবে আহ্বান জনোৱা এক ভাৰ্চুৱেল বৈঠকত গুজৰাট চৰকাৰক সংবেদনশীল অঞ্চলত বাস কৰা বাসিন্দাসকলৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় ।

এক বৈঠকত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে গুজৰাটৰ কেইবাজনো মন্ত্ৰী আৰু সাংসদ, ঘূৰ্ণীবতাহৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থকা আঠখন জিলাৰ বিধায়ক আৰু বিষয়াসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে গুজৰাট আৰু পাকিস্তানৰ মাজৰ উপকূলৰ ওপৰেৰে বৃহস্পতিবাৰে সন্ধিয়ালৈ ঘণ্টাত ১৫০ কিলোমিটাৰ বেগেৰে ধুমুহাৰ গতিবেগ লাভ কৰা সম্ভাৱনা আছে । সেই সময়ত ‘বিপৰজয়’ ঘূৰ্ণীবতাহ স্থলভাগত প্ৰৱেশ কৰি উত্তৰ দিশলৈ গতি কৰিব বুলি মৌসম ভৱনে জানিবলৈ দিয়ে। ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবেই ইতিমধ্যে গুজৰাটকে ধৰি দেশৰ পশ্চিম উপকূলৰ সাগৰ ৰুক্ষ হৈ পৰিছে। ধাৰাসাৰ বৰষুণ আৰম্ভ হৈছে। উপকূলীয় অঞ্চলত যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানৰ কাৰ্যালয়ে কেইবাটাও অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰিছে ।

‘বিপাৰজয়’ৰ বাবে গুজৰাটৰ উপকূলীয় অঞ্চলত বহু ৰে’ল বাতিল কৰা হৈছে । বৃহস্পতিবাৰলৈকে গুজৰাটলৈ অহা-যোৱা কৰা ৯৫খন ৰে’ল বাতিল কৰা হৈছিল।

আনহাতে, পৰৱৰ্তী সপ্তাহত সন্তান প্ৰসৱৰ সম্ভাৱনা থকা ৭৩ গৰাকী গৰ্ভৱতী মহিলাক উপকূলৱৰ্তী বিপজ্জনক অঞ্চলৰ পৰা স্থানান্তৰ কৰা হৈছে আৰু চৰকাৰী এম্বুলেন্সৰ জৰিয়তে নিকটতম স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে, যাতে তাতে তেওঁলোকে সন্তান প্ৰসৱ কৰিব পাৰে ।

লগতে জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সাহায্যৰ ব্যৱস্থা কৰা হৈছে । এই সময়ছোৱাতে ৭৩ গৰাকী গৰ্ভৱতী মহিলাৰ ভিতৰত ৯ গৰাকীয়ে সম্পূৰ্ণ সফলতাৰে স্বাস্থ্য কেন্দ্ৰটোত সন্তান প্ৰসৱ কৰিছে । তেওঁলোকক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক : Boat Capsized : বিবাহৰ পৰা উভতাৰ পথতে বাগৰি পৰিল নাও, নিহত শতাধিক লোক