Local, Vocal, Global

Arms seized : কৰিমগঞ্জত অস্ত্ৰসহ আটক পাঁচজনীয় ডকাইতৰ দল

কৰিমগঞ্জ, ১১জুন: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ৰাজ্যত পূৰ্বতকৈও অধিক কঠোৰ অসম আৰক্ষী। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰসাশন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে অপৰাধ। একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি,কৰি আহিছে অপৰাধ।এইবাৰ কৰিমগঞ্জত জব্দ পাঁচটা আগ্নেয়াস্ত্ৰসহ কেবাজাই সজীৱ গুলি।

উল্লেখ্য যে,শণিবাৰে নিশা কৰিমগঞ্জত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলিছিল এক অভিযান।অভিযানত পাঁচজনীয়া এটা ডকাইতৰ দলক সহ জব্দ কৰিবলৈ সক্ষম হৈছিল পাঁচটা আগ্নেয়াস্ত্ৰসহ কেবাজাই সজীৱ গুলি (Five dacoit detained) ।

প্ৰাপ্ত তথ্য অনুসৰি, ডকাইতৰ দলটোৰ পৰা তিনিটা হাতে সজা বন্দুক আৰু দুটা পিস্তল উদ্ধাৰ কৰে আৰক্ষীয়ে(Arms seized in Karimganj)। দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল ডকাইতৰ গেং টোৱে(Five dacoit detained)। আটকাধীন লোক কেইজন ক্ৰমে, আব্দুল লতিফ, ময়নুল হক, মনিৰ উদ্দিন, জমিৰ উদ্দিন আৰু হালিম উদ্দিন বুলি জানিব পৰা গৈছে ।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত চলিছিল এই অভিযান । বৃহত্ ডকাইতিৰ উদ্যেশ্য পৰিকল্পনাৰ বিষয়ে জানিব পাৰিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে । দীৰ্ঘদিন ধৰি ধৃত ডকাইতৰ দলটোৰ গতিবিধি লক্ষ্য কৰিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে । কৰিমগঞ্জৰ কায়স্থগ্ৰাম ৰে’ল গেইট বন্ধ কৰি আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে পাঁচজনীয়া দলটোক গ্ৰেপ্তাৰৰ জাল পাতিছিল (Arms seized in Karimganj)। অৱশেষত কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতৰ দলটোক । ধৃত ডকাইতকেইটাক গ্ৰেপ্তাৰৰ পাছতে এতিয়া কৰিমগঞ্জবাসীয়ে স্বস্তিৰ নিশ্বাস এৰিছে ।

লগতে পঢ়ক : Cow bones seized in Margherita : মাৰ্ঘেৰিটাত জব্দ গৰু হাড় ভৰ্তি ট্ৰাক