Abhi Neel Murder : অভি-নীল হত্যাকাণ্ডৰ ৫ বছৰ সম্পূৰ্ণ
নগাওঁ, ৮জুন : অভি-নীল হত্যাকাণ্ডৰ ৫ বছৰ সম্পূৰ্ণ।কিন্তু আজিলৈ ন্যায় নাপালে দুই পৰিয়ালে।আজিও ন্যায়ৰ অপেক্ষাত সেমেকি আছে অভি-নীলৰ পিতৃ-মাতৃৰ চকুজুৰি(Abhi\ Neel Murder)।
২০১৮ চনৰ ৮ জুনৰ কথা ! অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। এই দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ। মৃত্যু হৈছিল অভি আৰু নীলৰ(Abhi Neel Murder)।
৫ বছৰ পূৰ্বে আজিৰ দিনটোতেই কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল মানৱ জাতিক নতশিৰ কৰা এই হত্যাকাণ্ড(5 years of horrific abhi neel incident)। এই হত্যাকাণ্ড ইমানে বৰ্বৰ আছিল যে, কেৱল দেশকে নহয় সমগ্ৰ বিশ্বকেই জোকাৰি গৈছিল এই ঘটনাই।
বন্ধৰ দিনত জলপ্ৰপাত উপভোগ কৰিবলৈ গুৱাহাটীৰ পৰা ডকমোকালৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাসে সোপাধৰাৰ সন্দেহত গণপ্ৰহাৰৰ বলি হৈ মত্যুবৰণ কৰিছিল(Mob lynching of Abhi Neel)।
স্থানীয় লোকৰ উগ্ৰমূৰ্তি দেখি নীল আৰু অভিয়ে তাৰ পৰা পলাবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু মৃত্যুই যেতিয়া নিজে হাত বাউল দি মাতে, কোনে পলাই সাৰিব পাৰে।আৰু এই এদল নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই বন্ধু নিলোৎপল দাস আৰু অভিজিৎ নাথে
২০১৮ চনৰ ৮ জুনত সেউজীয়া কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই বন্ধু নিলোৎপল দাস আৰু অভিজিৎ নাথে(5 years of horrific abhi neel incident)। অতি নির্মমভাৱে দুই চফল ডেকাক হত্যা কৰিছিল এদল নৰপিশাচে।কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে দুই পৰিয়ালে(Horrific Abhi Neel incident)।
ঘটনাত জড়িত ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । বৰ্তমানো কাৰাবন্দী হৈ আছে আটাইকেইজন অভিযুক্ত । নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া । গোচৰটোৰ ৭১ জনকৈ সাক্ষীৰ ৭০ জনৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যেই সম্পূৰ্ণ হৈছে (Neel Abhi murder case hearing)। শেষৰ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ চলি আছে নগাঁও আদালতত । ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিচত অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰিব আদালতে । ৰাজ্য কঁপোৱা নীল-অভি হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ’ব, সেয়া এতিয়াও নাই কোনো নিশ্চিয়তা ।
লগতে পঢ়ক : Student suicide : উচ্চতৰ মাধ্যমিক পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে চৰম সিদ্ধান্ত ছাত্ৰৰ