Army trashes reports: অসম ৰেজিমেণ্ট আৰু মণিপুৰ আৰক্ষীৰ সংঘৰ্ষৰ বাতৰিক নস্যাৎ সেনাৰ

নেশ্যনেল ডেস্ক, ৬ জুন: ভাৰতীয় সেনা আৰু অসম ৰাইফলছে (Indian Army and Assam Rifles) অভিযোগ কৰা অনুসৰি, বিভিন্ন সময়ত শত্ৰুপক্ষই সাধাৰণতে নিৰাপত্তা বাহিনী আৰু বিশেষকৈ অসম ৰাইফলছৰ ভাৱমূৰ্তিক বিনষ্ট কৰিবৰ বাবে একাধিক ব্যৰ্থ প্ৰচেষ্টা চলাই আহিছে (Attempts to malign the image of security forces)।
সংঘৰ্ষজৰ্জৰ মণিপুৰত অসম ৰাইফলছৰ এটা বিশেষ ইউনিটৰ হতাহতিৰ এটা ভিডিঅ’ৰ কথা উল্লেখ কৰি পি আৰ অ’(ডিফেন্স)-এ ইয়াক ভুৱা আখ্যা দি স্পষ্ট কৰে যে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ মাজত এনে কোনো সংঘৰ্ষ অথবা হতাহতি হোৱা নাই (No clash between Assam Rifles and Manipur Police) ।
সেনাৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে দাবী কৰে যে, ভাইৰেল হোৱা এই ভিডিঅ’টো প্ৰকৃততে ২০২১ চনত পঞ্জাৱত অনুষ্ঠিত ভাৰতীয় সেনাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰহে আছিল (Training activity of Indian Army) । লগতে হিংসা প্ৰতিৰোধৰ ক্ষেত্ৰত কাম কৰি অহা সেনা জোৱানসকলৰ বিৰুদ্ধে ঘৃণাৰ ভাৱ সৃষ্টি কৰাৰ মানসিকতাৰে শত্ৰুপক্ষৰ এইটো আন এক ব্যৰ্থ প্ৰচেষ্টা বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰিলে (Army trashes reports)।
তেওঁ অভিযোগ কৰে যে বৃহৎ পৰিসৰৰ অগ্নিসংযোগ আৰু সম্ভাৱ্য মানৱ জীৱন হেৰুৱাৰ কাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত আগৰণুৱা এই বেটেলিয়নৰ বিৰুদ্ধে আভ্যন্তৰীণ আৰু বাহ্যিক উভয়ৰে অনৈতিক গোপন বুজাবুজিৰে এক সহযোগিতামূলক দুৰ্নীতিপৰায়ণ অভিযান চলোৱা হৈছে।
তেওঁ অভিযোগ কৰে যে আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োধৰণৰ লোকৰ অনৈতিক মিত্ৰতাৰ দ্বাৰা এক সমন্বিত বিদ্বেষপূৰ্ণ প্ৰচাৰ চলোৱা হৈছে, যি মণিপুৰত সংঘটিত ভয়াৱহ অগ্নিসংযোগ আৰু জনসাধাৰণৰ প্ৰাণহানিৰ সম্ভাৱ্য ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত অসম ৰাইফলচৰ এই বেটেলিয়নটোৱে এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে ।
তেওঁ লগতে কয় যে, স্থলভাগত অপৰাধীবোৰক ভাৰতীয় সেনাই প্ৰতিহত কৰাৰ পিছতে সিহতে বাছি লোৱা সামাজিক মাধ্যমতো পুনৰবাৰ ব্যৰ্থ হৈছে।
মণিপুৰত সংঘৰ্ষৰ সূচনা হোৱাৰ পিছৰে পৰা সেনা আৰু অসম ৰাইফলছে নিৰপেক্ষভাৱে বিভিন্ন জনগোষ্ঠীসমূহৰ শান্তি বাতাৱৰণ সৃষ্টি কৰিবৰ বাবে বিভিন্ন ধৰণে চেষ্টা চলাই আহিছে । তাৰোপৰি মানুহৰ জীৱন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সেনাৰ জোৱানসকলে সন্মুখত থাকি কৰ্তব্য পালন কৰি অহা বুলি উল্লেখ কৰি সেনাৰ জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে আশ্বাস দিয়ে যে মণিপুৰৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি অহালৈকে দুয়োটা বাহিনীয়ে অদম্যভাৱে কাম কৰি যাব । লগতে এই কঠিন সময়ত সংবাদ মাধ্যমৰ সকলোকে স্বাভাৱিকতকৈ অধিক বিচক্ষণতা অৱলম্বন কৰিবৰ বাবে অনুৰোধ জনায়।
লগতে পঢ়ক : Firing Continues In Manipur : মণিপুৰত হিংসাত্মক ঘটনাত শ্বহীদ BSF জোৱান , অসম ৰাইফলছৰ ২ সৈনিক গুলীবিদ্ধ