PM on Odisha train derailed: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শোক প্ৰকাশ
নেশ্যনেল ডেস্ক, ৩ জুন: শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত ওড়িশাৰ বালাশ্বৰ জিলাত যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা সংঘৰ্ষৰ ফলত কমেও ৫০ গৰাকী যাত্ৰী নিহত হোৱাৰ বিপৰীতে ১৩২ গৰাকী যাত্ৰী আহত হোৱাৰ তথ্য পোৱা গৈছে (Collision occurred between passenger train and goods train)।
এই খবৰ পোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ওড়িশাৰ বালাশ্বৰত সংঘটিত ৰে’ল দুৰ্ঘটনাস্থলীৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগতে সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে (Train accident in Odisha)। এক টুইটযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ওড়িশাত সংঘটিত ৰে’ল দুৰ্ঘটনাটোত দুখিত হৈছো ( Prime Minister Modi tweet) । এই দুখৰ সময়ত, নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক মোৰ সমবেদনা জ্ঞাপন কৰিছো। আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক। ৰে’ল মন্ত্ৰী @AshwiniVaishnaw সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লৈছো । দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সকলো সম্ভাৱ্য সহায় আগবঢ়োৱা হৈছে।”
ইফালে গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে (Home Minister Amit Shahexpressed grief) । এক টুইটযোগে শ্বাহে কয়, “ওড়িশাৰ বালাশ্বৰত সংঘটিত ৰে’ল দুৰ্ঘটনাটো গভীৰভাৱে বেদনাদায়ক। ইতিমধ্যে এনডিআৰএফৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰু আন দলসমূহেও উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হৈছে । নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।”
তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনেও এই শোকাৱহ ঘটনাটোক লৈ শোক প্ৰকাশ কৰিছে ।
এক টুইটযোগে মুখ্যমন্ত্ৰী ষ্টালিনে কয়, “ওড়িশাৰ #CoromandelExpress ৰে’লখনৰ দুৰ্ঘটনাৰ খবৰ পাই স্তম্ভিত হৈছো (Tamilnadu CM Stalin tweet) । মই লগে লগে উৰিষ্যাৰ মুখ্যমন্ত্ৰী @Naveen_Odisha সৈতে যোগাযোগ কৰাৰ লগতে দুৰ্ঘটনাটোৰ সবিশেষ তথ্য লৈছো । তেওঁ দিয়া তথ্যসমূহ সঁচাকৈয়ে আমনিদায়ক। দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো। মই ইতিমধ্যে আমাৰ ৰাজ্যৰ পৰিবহণ মন্ত্ৰী @sivasankar1ssআৰু তিনিজন আইএএছ বিষয়াক দুৰ্ঘটনাটোত পতিত হোৱা তামিল যাত্ৰীসকলক উদ্ধাৰৰ বাবে ওড়িশালৈ শীঘ্ৰেই যাবৰ বাবে নিৰ্দেশ দিছো । লগতে মই হেল্পলাইন (#Helpline)মুকলি কৰি দুৰ্ঘটনাগ্ৰস্ত যাত্ৰী আৰু যাত্ৰীসকলৰ পৰিয়ালবৰ্গক সহায় কৰিবলৈও তাৎক্ষণিক নিৰ্দেশ প্ৰদান কৰিছো ।”
ওড়িশাৰ বালাশ্বৰৰ বাহানাগা ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’লত শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ (Shalimar Chennai Coromandel Express) ৰে’লখনে খুন্দা মৰাৰ ফলত ৰে’লখনৰ বহুকেইটা ডবা লাইনচ্যুত হয় (Odisha train derailed)। “বহু যাত্ৰী হতাহত হৈছে যদিও আমি বৰ্তমানলৈ আহত অথবা নিহতৰ সঠিক গণনা কৰিব পৰা নাই । ই তিনিখন ৰেলৰ মাজত সংঘটিত এক মৰ্মান্তিক ৰে’ল দুৰ্ঘটনা আছিল – য’ত দুখন যাত্ৰীবাহী ৰেল আৰু এখন মালবাহী ৰেল আছিল ” ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই এইদৰে কয়।
লগতে তেখেতে কলে, বৰ্তমান এনডিআৰএফ আৰু এছডিআৰএফৰ প্ৰায় ৬০০-৭০০ জোৱানে উদ্ধাৰ অভিযান চলাই গৈছে । শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি গোটেই নিশা উদ্ধাৰ অভিযান চলোৱা হ’ব । লগতে নিকটৱৰ্তী সকলো চিকিৎসালয়ে আগবঢ়াইছে সহায়ৰ হাত ।
ইফালে উদ্ধাৰ হোৱা আহত যাত্ৰীসকলক ততাতৈয়াকৈ সোৰো চি এইচ চি, গোপালপুৰ চি এইচ চি, আৰু খানতাপাদা পি এইচ চিলৈ প্ৰেৰণ কৰা হৈছে বুলি ওড়িশাৰ মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিছে ।
ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মা (Railway Spokesperson Amitabh Sharma)ই জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
“সন্ধিয়া প্ৰায় ৭ বজাত বালাশ্বৰৰ সমীপত শালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছৰ ১০-১২ টা ডবা ৰেলপথৰ পৰা লাইনচ্যত হৈ কাষৰ ট্ৰেকত পৰেগৈ । কিছু সময়ৰ পিছতে কাষৰ সেই ট্ৰেকেৰে যচৱন্তপুৰৰ পৰা হাওৰাৰ দিশে আহি থকা আন এখন ৰে’লে লাইনচ্যুত ডবাবোৰত খুন্দা মাৰেগৈ, যাৰ ফলত ৩-৪ টা ডবা সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।” ৰে’লৱেৰ মুখপাত্ৰ অমিতাভ শৰ্মাই এইদৰে কয় ।
ইতিমধ্যে বালাশ্বৰ ৰেলৱে ষ্টেচন (Balasore Railway Station)ৰ পৰা যোৱা ২২ জনীয়া এন ডি আৰ এফৰ প্ৰথমটো দল দুৰ্ঘটনাস্থলীত উপস্থিত হয়গৈ । তাৰোপৰি যান-বাহন নিয়ন্ত্ৰণ বিভাগৰ (Centralised Traffic Control)৩২ জনীয়া আন এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰা বুলি এগৰাকী বিভাগীয় বিষয়াই জানিবলৈ দিছে ।
ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনাইকে(Odisha Chief Minister Naveen Patnaik) ইতিমধ্যে ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী প্ৰমিলা মল্লিক আৰু বিশেষ সাহায্য আয়ুক্ত (Special Relief Commissioner)ক শীঘ্ৰেই দুৰ্ঘটনাস্থলীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়াৰ পিছতেই ঘটনাস্থলীলৈ মন্ত্ৰী আৰু বিশেষ সাহায্য আয়ুক্তগৰাকী ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ।
আনহাতে দুৰ্ঘটনাস্থলীলৈ প্ৰায় ৫০খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছিল যদিও আহতসকলৰ সংখ্যা বহুত বেছি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য কৰি দুৰ্ঘটনাস্থলীলৈ বহুকেইখন বাছো প্ৰেৰণ কৰা হৈছে বুলি ওড়িশাৰ মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিছে ।
লগতে পঢ়ক: Odisha train derailed: ওড়িশাৰ বালাশ্বৰত ভয়াৱহ ৰে’ল দুৰ্ঘটনা; অৰ্ধশতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা