Earthquake in Japan : জাপানত ভূমিকম্প
ইণ্টাৰনেশ্যনেল ডেস্ক , ২৬ মে’ : শুকুৰবাৰে জাপানৰ টকিঅ’ৰ পূব-দক্ষিণ অঞ্চলটো তীব্ৰ জোকাৰণিৰে ভূমিকম্পই জোকাৰি গ’ল (Earthquake Japan) । অঞ্চলটোৰ পৰা ১০৭ কিলোমিটাৰ দূৰত্বত অভিকেন্দ্ৰ পোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.২ । ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰে বিয়লি ৩:৩৩ বজাত (IST) ভূমিকম্পটো সংঘটিত হয় । তথ্য অনুসৰি, ৬৫ কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল ভূমিকম্পটো ।
জাপানত এই ভূমিকম্পটোত বৰ্তমানেও কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি অহা নাই ।
উল্লেখ্য় যে জাপানৰ এক বৃহৎ অঞ্চল কপাই তোলা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.২ । ইয়াৰ পূৰ্বে বিগত ১১ মে’ৰ পুৱাই টকিঅ’ উপসাগৰৰ আশে-পাশে থকা অঞ্চলসমূহত হোৱা ৫.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পত কেইবাজনো লোক আহত হৈছিল । বিশ্বৰ ৬ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প হোৱা ৰাষ্ট্ৰসমূহৰ ভিতৰত পঞ্চম স্থানত আছে জাপান ।
বতৰ বিজ্ঞান সংস্থাই লগতে উল্লেখ কৰিলে যে শুকুৰবাৰে পুৱা ৪:১৬ বজাত অহা প্ৰথম ভূমিকম্পটো কিচাৰাজুত হৈছিল যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭ গণনা কৰা হৈছিল আৰু কিমিৎচুত নিম্নতম ৫ গণনা কৰা হৈছিল । এই দুই স্থানকে ধৰি, টকিঅ’ৰ চিয়োডা আৰু চিয়োডা ৱাৰ্ডকে ধৰি অঞ্চলটোৰ স্থানত ৪ টা ভিন্ন প্ৰাবল্যৰ ভূমিকম্প পঞ্জীয়ন কৰা হৈছিল।
লগতে পঢ়ক : Court on sexual relation: দীৰ্ঘদিন ধৰি পতি অথবা পত্নীক যৌন সম্পৰ্কৰ পৰা বঞ্চিত কৰাটো মানসিক নিষ্ঠুৰতা