Local, Vocal, Global

Poisonous Mushrooms Reaction in Sonari : বিষাক্ত কাঠফুলা খাই অসুস্থ ১৩ গৰাকী লোক

সোনাৰি, ২৬ মে’ : বনৰীয়া কাঠফুলা খাই অসুস্থ কেইবাগৰাকীকৈ লোক(Mushroom poisoning)। চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত বৃহস্পতিবাৰে সংঘটিত হৈঠে এই ঘটনাৰ।

বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই একেলগে অসুস্থ ১৩ গৰাকীকৈ লোক(Consuming poisonous mushrooms at Charaideo) । অসুস্থ আটাইকেইগৰাকী লোক সাপেখাতী কুঁৱৰী পথাৰ আৰু বগাবাঘ অঞ্চলৰ ।

বনৰীয়া কাঠফুলা খাই একেটা পৰিয়ালৰে অসুস্থ কেইবাগৰাকীকৈ লোক।কুঁৱৰীপথাৰৰ একেটা পৰিয়ালৰ অসুস্থ লোককেইগৰাকী ক্ৰমে ধনীৰাম কৰ্মকাৰ (২৪), শংকৰ কৰ্মকাৰ (৪০), মমতা কৰ্মকাৰ (২৪), হেমন্ত কৰ্মকাৰ (২৪), মংলী কৰ্মকাৰ (৩০), গণেশ কৰ্মকাৰ (১৭), অখিল কৰ্মকাৰ (৮) আৰু পৰিস্মিতা কৰ্মকাৰ (৬)।

আনহাতে বগাবাঘ অঞ্চলৰ বনৰীয়া কাঠফুলা (Mushroom poisoning) খাই অসুস্থ হৈ পৰে কেইবাগৰাকীকৈ লোক।অসুস্থ লোককেইগৰাকী হ’ল নন্ মুড়া, পিংকী মুড়া, বেলমনী মুড়া, লক্ষী মুড়া আৰু অজয় মুড়া।

পুৱাৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পাছতে আটাইকেই গৰাকী লোকৰ শৌচ–বমি হয়। আৰু অসুস্থ আটাইকেইগৰাকীক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ যদিও তেওঁলোকৰ স্বাস্থ্য অধিক অৱনতি ঘটাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসালয় মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰা হয় আটাইকে।

লগতে পঢ়ক : Amit Shah on Manipur violence : হিংসাৰ দাবানলেৰে জৰ্জৰিত মণিপুৰবাসীক শান্তিৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ, সকলোকে ন্যায়ৰ আশ্বাস