PMAY scam in Baksa: বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰীৰ অভিযোগ
মুছলপুৰ, ১৭ মে’: প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনি ৰূপায়ণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে আঁচনিৰ ধন জালিয়াতিৰে হৰলুকি কৰাৰ লগতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰো অভিযোগ উত্থাপিত হৈছে (Pradhan Mantri Awas Yojana) ৷
ৰাজ্যৰ বহুকেইখন জিলাৰ পঞ্চায়তে পঞ্চায়তে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত সংঘটিত হোৱা বিয়াগোম কেলেংকাৰীৰ খবৰে শেহতীয়াকৈ দখল কৰিছে বাতৰিৰ শিৰোনাম ৷ এইবাৰ বিটিআৰৰ অন্তৰ্গত বাক্সা জিলাত এই আঁচনি ৰূপায়ণত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে (PMAY scam in Baksa) ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহাৰ পিছতো গা লৰা নাই একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ তথা সদস্যৰ । প্ৰধানমন্ত্ৰী আৱাসগৃহ যোজনাৰ ঘৰ দিয়াৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডাঙৰিগাঁও ভি.চি.ডি.চিৰ অন্তৰ্গত নাওঁপুটা ধনবিল গাঁৱত ।
গাঁওখনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালক চৰকাৰী গৃহ দিয়াৰ নামত ইতিমধ্যে ধন সংগ্ৰহ কৰা বুলি বাতৰি সম্প্ৰচাৰ হৈছিল ভি.চি.ডি.চি.টোৰ অধ্যক্ষ টুটুমনি কলিতাৰ লগতে তেওঁৰ শিক্ষক স্বামী দুলু কলিতা আৰু গ্রাম ৰোজগাৰ সহায়ক ৰঞ্জু দাসৰ বিৰুদ্ধে । ভুক্তভোগী লোকসকলে জনোৱা অনুসৰি শিক্ষক দুলু কলিতা আৰু জি.আৰ.এচ ৰঞ্জু দাসে ইতিমধ্যে গাঁওখনৰ বহু দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ২-৩ হেজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰা বুলি বিগত সময়ত বিভিন্ন সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল । কিন্তু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই তেওঁলোকৰ দোষ ঢাকিবলৈ অভিযুক্ত চেয়াৰমেন টুটুমনি কলিতাই এক সংবাদমেল সম্বোধন কৰি তেওঁৰ লগতে তেওঁৰ শিক্ষক স্বামী দুলু কলিতা আৰু জি.আৰ.এচ ৰঞ্জু দাসৰ বিৰুদ্ধে অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰাৰ লগতে তেওঁৰ স্বামীৰ এইক্ষেত্ৰত কোনোধৰণৰ সম্পৰ্ক নাই বুলি সংবাদ মেলযোগে স্পষ্ট কৰি দিছিল ।
ইফালে এগৰাকী দৰিদ্ৰ হিতাধিকাৰী পানীৰাম তিৰ্কিয়ে অভিযোগ কৰা অনুসৰি চেয়াৰমেন টুটুমনি কলিতাৰ শিক্ষক স্বামী দুলু কলিতাই হিতাধিকাৰীৰ ঘৰলৈ গ’লে মূৰৰ পৰা হেলমেটটোৱেই নোখোলে । অৱশ্যে কিয় নোখোলে সেইয়া তেওঁৰ জ্ঞাত নহয় । সকলোৱে কেৱল এটা কথাই জানে যে দুলু কলিতাই যিকোনো হিতাধিকাৰীৰ ঘৰলৈ গ’লে মূৰৰ পৰা হেলমেটটো নোখোলে ।
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বি টি আৰ প্ৰধানগৰাকীয়ে সকলো কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্যক দুৰ্নীতিৰ বিৰুদ্ধে মাৰবান্ধি থিয় হবলৈ আহ্বান জনাই আহিছে । ইয়াৰ পাছতো ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসৰ গণ সুৰক্ষা পাৰ্টিৰ একাংশ ভি.চি.ডি.চি.ৰ অধ্যক্ষ আৰু সদস্যৰ লগতে এগৰাকী চৰকাৰী শিক্ষকে কাৰ ছত্ৰছায়াত এনেদৰে দুৰ্নীতিত লিপ্ত হ’বলৈ মৰসাহ কৰিব পাৰিছে তাকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গণ সুৰক্ষা পাৰ্টিৰ একাংশ কৰ্মীয়ে চৰকাৰী গৃহ আবণ্টনৰ নামত ৪-৫ হেজাৰকৈ টকা সংগ্ৰহ কৰাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো বিভাগীয় কতৃপক্ষই তদন্ত কৰি ইয়াৰ বিৰুদ্ধে কিয় বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে, তাক লৈও সকলোৱে কৰিছে প্ৰশ্ন । কিন্তু শেহতীয়াকৈ উত্থাপন হোৱা অভিযোগত এগৰাকী চৰকাৰী শিক্ষকৰ নাম উল্লেখ হোৱাৰ পিছত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যনীয় ।