Local, Vocal, Global

মে’মাহৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

ডিজিটেল ডেস্ক:- মে’মাহৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী বন্ধ কৰা হৈছে।অহা মে’মাহৰ মাজভাগত অন্ত পৰিব কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ ৷ বৰষুণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ। মঙলবাৰে এই কথা ঘোষণা কৰে কাজিৰঙাৰ বন কৰ্তৃপক্ষই।
জানিবলৈ দিয়া মতে, প্ৰতিকূল বতৰ আৰু বাৰিষাৰ আৰম্ভণিৰ বাবেই অহা ১ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে হাতী ছাফাৰী বন্ধ কৰা হৈছে।ইয়াৰ সমান্তৰালকৈ ১৬ মে’ৰ পৰা জীপ ছাফাৰীও বন্ধ কৰাৰ সিদ্ধান্ত লৈছে উদ্যান কৰ্তৃপক্ষই।
মাৰ্চ মাহত পৰ্যন্ত তিনি লাখ চৈধ্য হাজাৰ পৰ্যটকৰ আগমনেৰে অভিলেখৰ সৃষ্টি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক জাননী যোগে সদৰি কৰিছে এই নিৰ্দেশনা৷
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ নিৰ্দেশনা মতে, ১ মে’ৰ পৰা হাতী ছাফাৰী আৰু ১৬ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰী৷ প্ৰচলিত নিয়ম অনুসৰি এই নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই৷ কিন্তু পৰ্যটকৰ সুবিধাৰ বাবে মে’ মাহৰ প্ৰথম পোন্ধৰ দিন জীপ ছাফাৰী অব্যাহত ৰখাৰ বিপৰীতে গৰমত ছাফাৰী কৰাতো হাতীৰ বাবে কষ্টকৰ হয় বাবে ১ মে’ৰ পৰা হাতী ছাফাৰী বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই। উল্লেখযোগ্য যে ২০২২ চনৰ ২ অক্টোবৰত আৰম্ভ হৈছিল কাজিৰঙাৰ ২০২২-২৩ পৰ্যটন বৰ্ষ।