প্ৰথমবাৰৰ বাবে গুৱাহাটীত IPLৰ মেচ
ডিজিটেল ডেস্ক:- পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’বলৈ গৈ আছে টি-২০ সংস্কৰণৰ ক্ৰিকেটৰ জনপ্ৰিয় আই পি এল । আজি ৫ এপ্ৰিল আৰু আগন্তুক ৮ এপ্ৰিলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ক্ৰমে পাঞ্জাৱ কিংছ আৰু দিল্লী ডেয়াৰডেভিলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব এই দুখন মেছত। ইতিমধ্যে সাজু খেলপথাৰ, সাজু প্ৰশাসন আৰু সাজু ৰাইজ । সকলো আই পি এলৰ প্ৰিয় খেলুৱৈসকলক এবাৰ কাষৰ পৰা চাবলৈ, যি ইমান দিনে গৰিষ্ঠ সংখ্যকৰ বাবে সম্ভৱ হৈছিল কেৱল টেলিভিছন অথবা ম’বাইলৰ স্ক্ৰীণত হে । এইবাৰ খেল হ’ব গুৱাহাটীত । ইতিমধ্যে টিকেট বিক্ৰীৰ পৰাই প্ৰমাণ হৈছে অসমৰ ৰাইজ আই পি এলৰ দুয়োখন মেচ সন্দৰ্ভত কিমান আগ্ৰহী। সমুখসমৰত দুই শক্তিশালী দলৰ হাইভল্টেজ মেচক লৈ অধীৰ অপেক্ষা ক্ৰীড়াপ্ৰেমীৰ। IPLৰ ইতিহাস বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে প্ৰথম সংস্কৰণতে অৰ্থাত ২০০৮ত চেম্পিয়ন আছিল ৰাজস্থান। পাঞ্জাৱ কিঙছে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছিল ২০১৪ চনত। সেই বৰ্ষৰ IPLৰ ৰাণাৰ্ছ আপ আছিল পাঞ্জাৱ কিঙছ। এইবাৰ ৰাজস্থান ৰয়েলছৰ অধিনায়ক হৈছে যুৱ ক্ৰিকেটাৰ সঞ্জু ছেমচন। তাৰ বিপৰীতে পাঞ্জাৱক নেতৃত্ব দিব ক্ৰিকেট তাৰকা শিখৰ ধাৱানে। IPLত এইপৰ্যন্ত ২৪খন মেচত একেলগে অৱতীৰ্ণ হৈছে দুয়োটা দল। ২৪বাৰৰ মুখামুখিত ৰাজস্থান ৰয়েলছ ১৪বাৰেই জয়ী। পাঞ্জাৱ কিঙছে জয়লাভ কৰিছে ১০খন মেচত। পাঞ্জাৱৰ বিৰুদ্ধে ৰাজস্থানৰ সৰ্বাধিক দলীয় স্কৰ ২২৬ আৰু সৰ্বনিম্ন ১১২ ৰান। তাৰ বিপৰীতে ৰাজস্থানৰ বিৰুদ্ধে পাঞ্জাৱৰ সৰ্বনিম্ন দলীয় স্কৰ ১২৪ ৰান। নিশ্চিতভাৱে আজি ঘৰুৱা ফিল্ড অৰ্থাত বৰ্ষাপাৰাত হট ফেভাৰিট হিচাপে অৱতীৰ্ণ হব ৰাজস্থান ৰয়েলছ। উল্লেখ্য যে, ইতিমধ্যে দুয়োটা দলৰেই প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে । সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া মেচখনৰ বাবে ৰাজ্যৰ প্ৰশাসনে ইতিমধ্যে জাৰী কৰিছে কেইবাটাও নীতি-নিৰ্দেশনা । নিৰ্ধাৰণ কৰি দিছে বৰ্ষাপাৰালৈ অহা যোৱা কৰিব লগীয়া বাট-পথ । মুঠতে সমগ্ৰ ৰাজ্য আই পি এলৰ উছাহত মগ্ন । তাতোকৈ ডাঙৰ কথা, ৰাজস্থান ৰয়েলছত আছে অসমৰেই ৰিয়ান পৰাগ । বিগত সংস্কৰণ কেইটাত সন্তোষজনক ফলাফল ডাঙি ধৰা ৰিয়ান পৰাগে ঘৰুৱা পৰিৱেশত কিদৰে উজলি উঠে সেইয়াও হ’ব লক্ষণীয়। এতিয়া সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি নিবদ্ধ বৰ্ষাপাৰা ষ্টেডিয়ামত আজি হবলগীয়া ২ শক্তিশালী দলৰ হাইভল্টেজ মেচৰ প্ৰদৰ্শনত। আপুনি কাক সমৰ্থন কৰে। ৰাজস্থান ৰয়েলছ নে পাঞ্জাৱ কিঙছ। হীৰকজ্যোতি কলিতাৰ ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।