Local, Vocal, Global

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পিভিচি পাইপক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্ক:- জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পি ভি চি পাইপক কেন্দ্ৰ কৰি নিশাৰ ভাগত তিতাবৰৰ মেলামাটি চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত একাংশ লোকৰ উত্তপ্ত পৰিস্থিতি। অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে স্থানীয় পানী যোগান পৰিচালনা সমিতিৰ সভাপতি হোৱাৰ গইনা লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পি ভি চি পাইপ বিদ্যালয়ৰ ভিতৰত মজুত কৰি ৰাখিছে।
একাংশ লোকৰ অভিযোগৰ ভিত্তিত স্থানীয় প্ৰশাসনে বিদ্যালয়ৰ ভিতৰৰ পৰা আঁতৰাবলৈ পৰামৰ্শ দিয়াত পাইপসমূহ আঁতৰ কৰাৰ সময়তে সৃষ্টি হয় হূলস্থূলীয়া পৰিস্থিতিৰ। বিদ্যালয় ছুটীৰ পাছত পাইপসমূহ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰা অন্য এটা কোঠালৈ স্থানান্তৰ কৰাৰ সময়তে একাংশ লোকে পাইপসমূহ বিক্ৰী কৰিবলৈ নিয়াl চিঞৰ-বাখৰ কৰে। অন্যহাতে বিদ্যালয় প্ৰধানে কয় যে তেওঁ স্থানীয় পানী যোগান পৰিচালনা সমিতিখনৰো সভাপতি। গ্ৰেটাৰ তিতাবৰ পানী যোগান আঁচনিৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী কাৰ্যালয়ে যোগান ধৰিছিল, কিন্তু পুঁজিৰ অভাৱত বিভাগে সেইকাম সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু সেইসমূহ নতুন আঁচনি অহালৈকে তেনেদৰে মজুত কৰি থোৱা আছিল। প্ৰশাসনৰ পৰামৰ্শ অনুসৰি আজি বিদ্যালয় ছুটীৰ পাছত পাইপসমূহ শ্ৰেণীকোঠাৰ ভিতৰৰ পৰা উলিয়াই বিদ্যালয় চৌহদৰে এটা অব্যৱহৃত কোঠালৈ নিয়াৰ সময়ত এটা দুষ্টচক্ৰই মিছা বাতৰি বিয়পাই বিদ্যালয়খনৰ লগতে প্ৰধান শিক্ষকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি কয় প্ৰধান শিক্ষক অনন্ত খনিকৰে।