Local, Vocal, Global

কিচমিচ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?জানো আহক কিচমিচৰ পুষ্টিকৰ উপকাৰিতাৰ বিষয়ে…

ডিজিটেল ডেস্ক:- কিচমিচ হৈছে এক ফল যি শৰীৰৰ বহুতো ৰোগ দূৰ কৰে।কিচমিচত বহুতো পুষ্টিকৰ উপাদান লুকাই থাকে। কিচমিছৰ কেইবাটাও লাভজনক দিশ আছে।কিচমিচত প্ৰচুৰ পৰিমাণে আইৰণ,পটাছিয়াম, কেলচিয়াম আৰু মেগনেছিয়াম থাকে।কিচমিচতো আঁহৰ উত্তম উৎস।
এই কিচমিচ অতিৰিক্ত মিঠা, ডায়েবেটিচ থকা লোকসকলক নাখালে ভাল কাৰণ ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। সকলোৱে জানে যে আঙুৰৰ শুকান ৰূপক কিচমিচ বুলি কোৱা হয়।আজি আমি আপোনালোকক কিচমিচ কেনেকৈ খাব লাগে আৰু ইয়াৰ কি উপকাৰিতা আছে তাৰে বিষয়ে কম-
যি হাৰত ফাষ্ট ফুড খোৱাৰ প্ৰৱণতা দিনে দিনে বাঢ়ি আহিছে, সেই হাৰত মানুহৰ পাচন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। কিচমিচ কোষ্ঠকাঠিন্যৰ বাবে অতি ভাল।কিচমিচ খোৱাৰ ফলত শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাটো বন্ধ হয়। ওজনো হ্ৰাস পায়।

দৈনিক সীমিত পৰিমাণৰ খিচমিচ খালে বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰি।কিচমিচ দেহৰ বাবে যথেষ্ট উপকাৰী।

কিচমিচ খালে শৰীৰত শক্তি বৃদ্ধি হয়।প্ৰতিদিনে কিচমিচ খোৱাৰ ফলত তেজত ৰক্তহীনতা আঁতৰ হয়।কিচমিচ খালে হাড়বোৰ শক্তিশালী হয়৷

বহু লোক এনিমিয়াত ভোগা দেখা যায়। সেই সকল লোকে কিচমিচ খালে উপকাৰ পাব পাৰে।কিচমিচে কেঞ্চাৰৰ কোষসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

গাখীৰৰ সৈতে কিচমিচ মিহলি কৰিলে খুব ভাল ফলাফল পোৱা যায় ৷ শৰীৰত কেলচিয়ামৰ অত্যাধিক যোগান থাকে।এইকাৰণেই প্ৰতিদিনে ৪-৫টা কিচমিছ খালে শৰীৰৰ বাবে অপৰিসীম লাভালাভ হয়।

কিচমিচত চেনি থাকে, যি শৰীৰত চেনিৰ অভাৱ পূৰণ কৰে, কিন্তু অত্যধিক কেলৰি নাথাকে। সেয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণৰ লো আৰু বি কমপ্লেক্স ভিটামিন থাকে, যি তেজৰ ৰঙা কোষৰ উৎপাদন বৃদ্ধি কৰে।

কিচমিচ প্ৰ’টিন, ভিটামিন এ , বি কমপ্লেস্ক, আইৰন, কেলচিয়াম, মেগনেচিয়াম, ফাইবাৰ, শৰ্কৰা, কেলৰী আদিৰ লগতে সুক্ষ্ম পোষক গুণসমৃদ্ধ খনিজ পদাৰ্থৰে (মাইক্ৰ’ নিউট্ৰেন্ট) ভৰপুৰ।

ইয়াৰ উপৰি নিয়মীয়াকৈ কিচমিচ গ্ৰহণ কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, কিয়নো ই ছডিয়ামৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত উচ্চ ৰক্তচাপ নহয়। ইয়াৰ উপৰিও ইয়াৰ এণ্টি-বেক্টেৰিয়া বিশেষত্ব আছে, যি বিভিন্ন ৰোগৰ পৰা শৰীৰক বচাই ৰখাৰ লগতে মুখৰ গোন্ধ নাশ কৰে।