Local, Vocal, Global

চলন্ত ৰে’লত অগ্নিসংযোগ অচিনাক্ত দুৰ্বৃত্তৰ !

ডিজিটেল ডেস্ক:- কেৰেলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে।কেৰেলাৰ কোজিকোড জিলাত চলন্ত ৰে’লত দূৰ্বৃত্তৰ অগ্নিসংযোগ।আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ঘটনাটো দেওবাৰে নিশা ৯.৪৫ বজাত আলাপুঝা-কান্নুৰ এক্সিকিউটিভ এক্সপ্ৰেছত সংঘটিত হয়।ৰে’লখন কোজিকোড চহৰ পাৰ হৈ কোৰাপুঝা ৰেল দলংত উপস্থিত হোৱাৰ লগে লগে এজন অচিনাক্ত ব্যক্তিয়ে ৰে’লখনত জ্বলনশীল তৰল পদাৰ্থ ঢালি দিয়ে আৰু জুই জ্বলাই দিয়ে ।ঘটনাটো সংঘটিত কৰিয়েই সন্দেহযুক্ত অভিযুক্তজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।ৰে’লখনত হঠাতে জুই লগা দেখি এবছৰীয়া শিশুৰ সৈতে ভ্ৰমণ কৰি থকা এগৰাকী মহিলাই চলন্ত ৰে’লখনৰ পৰা জঁপিয়াই দিয়ে।ডবাটোত থকা আন ৯ জন লোক গুৰুতৰ ভাৱে আহত হয়।

আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।এজন যাত্ৰীয়ে সংবাদ মাধ্যমক কয় যে,ঘটনাটোৰ পিছত এগৰাকী মহিলা আৰু এটা শিশু সন্ধানহীন হৈ আছে।”আঘাতপ্ৰাপ্ত এজন ব্যক্তিয়ে এগৰাকী মহিলা আৰু এটা শিশুক বিচাৰি আছিল। আমি মহিলাগৰাকীৰ জোতা আৰু এটা মোবাইল ফোন পাইছিলো।সন্ধানহীন লোকসকলৰ খবৰ ওলাই অহাৰ লগে লগে মহানগৰ আৰক্ষীয়ে ট্ৰেকবোৰ পৰীক্ষা কৰে আৰু মহিলাগৰাকী আৰু শিশুটো আৰু এজন মধ্যবয়স্ক পুৰুষকে ধৰি তিনিটা মৃতদেহ বিচাৰি পাইছিল।

আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁলোকে ৰে’লৰ পৰা বাগৰি পৰিছিল বা জুই দেখাৰ পিছত নামিবলৈ চেষ্টা কৰিছিল। জিলাখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে”সন্ধানহীন হোৱা মহিলা গৰাকী আৰু শিশুটোক ট্ৰেকত মৃত অৱস্থাত পোৱা গৈছিল আৰু এজন পুৰুষৰ এটা অচিনাক্ত মৃতদেহ আছে। আমি সন্দেহজনক ব্যক্তিজনৰ চিচিটিভি ভিজুৱেল বিচাৰি পাইছো।ঘটনাকলৈ তদন্ত চলি আছে।