Local, Vocal, Global

ছয়গাঁওত ৰাস্তা দলং বিচাৰি ৰাইজৰ হাহাকাৰ। চৰকাৰৰ সৰ্বাংগীন বিকাশ শূণ্য

ডিজিটেল ডেস্ক:- বকো ২ এপ্ৰিল – সৰ্বাংগীন বিকাশৰ ভূৱা শ্লোগান দি ফুৰা ৰাজ্য চৰকাৰৰ উন্নয়ণে আমুৱাইছে জনসাধাৰণক। উন্নয়ণৰ নামত ফুলজাৰি মাৰা চৰকাৰক ভোট দিয়া জনতাই হাহাকাৰ কৰিব লগা হৈছে ৰাস্তা দলং বিচাৰি। এই কথা আমাৰ নহয় ; দূৰ্গম তথা ভঙা পয়ালগা পথেৰে যাতায়ত কৰা ভোটাৰ ৰাইজৰ দুখ লগা কথা।

উল্লেখ্য যে ; আজি কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ছয়গাও ব্লকৰ দক্ষিণ পাণ্টান গাও পঞ্চায়তৰ অন্তৰ্গত লাংখাৰ – ভেৰভেৰীৰ ৰাইজে একেলগে চৰকাৰৰ পৰা ৰাস্তা আৰু দলং বিচাৰি কুলচী নদীৰ পাৰত হাহাকাৰ কৰিছে। আজি লাংখাৰ – ভেৰভেৰী গাওঁৰ ৰাইজে অভিযোগ উত্থাপন কৰে ।

দীৰ্ঘদিন ধৰি পথটো মেৰামতি তথা আধুনিকৰণ কৰি নিৰ্মাণ নকৰাত ৰাইজ ; স্কুলীয়া ছাত্ৰ – ছাত্ৰী আৰু ৰোগীৰ অহা যোৱা কৰাত ভিষণ সমস্যা হৈছে।

ইফালে দীৰ্ঘদিন ধৰি সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিনৰ হেমাহিৰ বাবে অতি ব্যস্ত তথা দৰকাৰী পথটো নিৰ্মাণ নহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। আজি ৰাইজে চৰকাৰক বাৰাম্বাৰ অনুৰোধ কৰি পথটো নিৰ্মাণ কৰি দিৱলৈ আহ্বান জনাইছে।