Local, Vocal, Global

বীটত থকা পুষ্টিগুণৰ বিষয়ে জানেনে আপুনি ?

ডিজিটেল ডেস্ক:- দৈনন্দিন অনিয়মিত জীৱন-যাত্রাই আমাৰ শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা কমাই দিছে। কিন্তু এনে কিছু খাদ্য আছে যাক প্রতিদিনে খালে শৰীৰক ভালে ৰখাৰ লগতে বিভিন্ন ৰোগৰ পৰাও মুক্তি দিব পাৰে। তেনে ধৰণৰ এবিধ পুষ্টিগুণেৰে ভৰপূৰ পাচলি হ’ল বিট।বীট আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।বীট বহু ধৰণে সেৱন কৰিব পাৰি।বীট ভাজি ,চালাড আৰু জুচ কৰি খাব পাৰি।

বীট পুষ্টিকৰ উপাদান:
বীটত কেলচিয়াম,আইৰণ আৰু এন্টিঅক্সিডেন্টকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে।যদি আপুনি ১০ গ্ৰাম বীট খায় তেন্তে আপুনি মাত্ৰ ৪৩ মিনিগ্ৰাম কেলৰি আৰু ২ গ্ৰাম চৰ্বি পাব।ই শৰীৰৰ ওজন বৃদ্ধি নকৰে।ইয়াৰ উপৰিও ইয়াত প্ৰ’টিন প্ৰচুৰ পৰিমাণে থাকে যিটো আমাৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ পূৰ্ণ পুষ্টিকৰ উপাদান।

যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকৰ বাবে বিট অতি উপকাৰী। কাৰণ ইয়াত আছে প্রচুৰ পৰিমাণে আয়ৰণ। যাৰ ফলত ই ৰক্তহীনতা কমোৱাত সহায় কৰে।

ঋতুচক্র সংক্রান্তীয় কোনো সমস্যা হ’লে বিটৰ ৰস খাওক। বিটত থকা আয়ৰণে নতুন লোহিত ৰক্তকণিকা গঠনত সহায় কৰে। যাৰ ফলত ঋতুচক্রৰ সমস্যাৰ পৰা মুক্তি পোৱা যায়।

বিট হাড়ৰ বাবে উপকাৰী। হাড়ক শক্তিশালী কৰি ৰাখিবলৈ হ’লে নিত্য প্রয়োজনীয় খাদ্যৰ তালিকাত অন্তৰ্ভক্ত কৰক বিট। ইয়াত আছে প্রচুৰ পৰিমাণে কেলচিয়াম যিয়ে হাড়ৰ যিকোনো সমস্যা ৰোধ কৰাত উপকাৰী।

ছালৰ উজ্জ্বলতা বৃদ্ধি আৰু ছালৰ বলি ৰেখাৰ সমস্যা ৰোধ কৰাতো সহায় কৰে বিটৰ ৰসে। ছালৰ লগতে চুলিৰ সমস্যা ৰোধ কৰাতো সহায় কৰে বিটে। চুলি সৰা ৰোধ কৰিবলৈ আৰু চুলি বৃদ্ধি কৰিবলৈ অতি উপকাৰী বিট।

বিটত আছে প্রচুৰ পৰিমাণে এন্টি-অক্সিডেন্ট যিয়ে কেন্সাৰ প্রতিৰোধক হিচাবে কাম কৰে। যাৰ ফলত বিটে কেন্সাৰত আক্রান্ত হোৱাৰ পৰা বচাব পাৰে।

ই প্ৰাকৃতিক চেনিৰ সমৃদ্ধ উৎস,ই আমাৰ শৰীৰক শক্তি প্ৰদানৰ কাম কৰে।

বীট খালে তেজ বিশুদ্ধকৰণ হয়। যাৰ ফলত শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায়।

বীট নিয়মিয়াকৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে।ৰক্তহীনতা সমস্যা দূৰ হয় আৰু হাড়ৰ গঠন মজবুত হয়।