Local, Vocal, Global

শক্তিপীঠ মা মহামায়া দেৱালয়ৰ ৪০০শ বছৰীয়া ৰীতি নীতিৰে ১৫ দিনীয়া কাৰ্য্যসূচীৰে সাত-বিষমা মেলা মহোৎসৱ

ডিজিটেল ডেস্ক:- নামনি অসমৰ ঐতিহ্য মণ্ডিত বিশ্বৰ ৫১ তম শক্তিপীঠ বগৰীবাৰীৰ মা মহামায়া দেৱালয়ৰ ৪০০শ বছৰীয়া পৰম্পৰাগত ৰীতি নীতিৰে ১৫ দিনীয়াকৈ সাত বিষমাৰ ব্যাপক আয়োজন কৰিছে।
এই উপলক্ষে আজি মহামায়া দেৱালয়ৰ প্ৰাঙ্গনত পৰ্বতঝোৰাৰ মহকুমাধিপতি আনছুলা বসমাতাৰীৰ সভাপতিত্বত অনুষ্ঠিত এখন ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে ৫ বহাগৰ পৰা ২০ বহাগলৈ অৰ্থাৎ ১৯ এপ্ৰিলৰ পৰা ৪ মে ২০২৩ লৈকে ব্যাপক কাৰ্য্যসূচী পৰিচালনাৰ বাবে কৰুনা অধিকাৰীক সভাপতি আৰু বিমান চক্ৰৱৰ্তীক সম্পাদক হিচাপে লৈ এখন ১১ জনীয়া মেলা মহোৎসৱ পৰিচালনাৰ বাবে কমিটি গঠন কৰা হয়।
ৰজা ঘৰীয়া বিভিন্ন ব্যতিক্ৰমী কাৰ্য্যসূচীৰে নানান লোক সংস্কৃতিৰ বাৰেবৰণীয়া সমাহৰে মেলা খন অনুষ্ঠিত হ’ব। প্ৰতি বছৰৰ বহাগত অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ এই পবিত্ৰ জাতীয় উৎসৱ পালনৰ সময়ত তাহানিৰ ৰজা ঘৰীয়া বিভিন্ন নিয়মেৰে পালিত হ’ব এই মেলা।
বি টি আৰৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰীৰ পাৰ্শৱতী এইখন দেৱালয়ত অনুষ্ঠিত হব লগা মেলাত অসমীয়া বঙালী, ৰাজবংশী,আদিবাসী,বড়ো, কছাৰী,ৰাভা আদিৰ বিভিন্ন জাতি উপজাতিৰ সংমিশ্ৰিত লোক সংস্কৃতিৰ মিলন তীৰ্থ বগৰীবাৰীৰ মহামায়াত অনুষ্ঠিত হোৱা মেলাত দেশ-বিদেশৰ বিভিন্ন তীৰ্থ যাত্ৰী, ধৰ্মপ্ৰান পৰ্যটকৰ সমাগম হব।
আজিৰ অনুষ্ঠিত সভাখনত শিক্ষাবিদ ভৰত চন্দ্ৰ বৰ্মন, অপৰেশ দাস, মুখ্য পুজাৰী প্ৰদিপ ভট্ট, শ্যামল পাল আৰু সোমনাথ ৰায়কে ধৰি বিভিন্ন গন্য— মান্য ব্যক্তি আৰু স্থানীয় সাংবাদিক সকল উপস্থিত আছিল।
মেলাত বিভিন্ন হাতে বোৱা স্থানীয় বিভিন্ন বস্ত্ৰৰ প্ৰৰ্দশনী আৰু আন আন লোক শিল্পীৰ নানান সৰনজাম আৰু বিশ্ব প্ৰসিদ্ধ টেৰাকোটা শিল্পৰ লগতে মেলাৰ এচুকত গ্ৰন্থ মেলা আৰু অগনন বিভিন্ন বিপনী থাকিব বুলি আজি কমিটিয়ে প্ৰকাশ কৰে ৷