ৰাজ্যত বনাঞ্চল ধবংস যজ্ঞ অব্যাহত

ডিজিটেল ডেস্ক:- ৰাজ্যত নিতৌ অব্যাহত আছে বনাঞ্চল ধবংসযজ্ঞ। সুৰক্ষিত নহয় সংৰক্ষিত বনাঞ্চল, ৰাজ্যিক গছ হোলোং। তিনিচুকীয়া জিলাৰ ডুমডুমা সংমণ্ডলৰ অন্তৰ্গত প্ৰতিটো সংৰক্ষিত বনাঞ্চলত এতিয়া চলিছে অবাধ হাৰত বনাঞ্চল ধবংসযজ্ঞ। বন বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ পৰিছে বনাঞ্চল সুৰক্ষা দিয়াত।
ডুমডুমা বন সংমণ্ডলৰ অধীনৰ খাটাংপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বুঢ়ীদিহিং-টেকেৰী সংৰক্ষিত বনাঞ্চল একাংশ দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰে। বনাঞ্চলত থকা মূল্যৱান গছ কাটি ইতিমধ্য বনদস্যুয়ে অত্যাধুনিক চেইন শ্ব’ লগাই কাটি নিঃশেষ কৰাৰ পিছত এইবাৰ বনদস্যুৰ চকু পৰিছে ৰাজ্যিক জাতীয় গছৰূপে খ্যাত হোলোং গছৰ ওপৰত।
বিশেষকৈ ৰাজ্যিক জাতীয় গছ হোলোং তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ বনাঞ্চলতে পোৱা যায়। কিন্তু এতিয়া ৰাজ্যিক জাতীয় গছ হোলোং গছকো সুৰক্ষা দিব পৰা নাই প্ৰশাসন তথা বন বিভাগে। প্ৰতিদিনে এফালৰ পৰা দুষ্কৃতিকাৰীয়ে কাটি তহিলং কৰিছে গছ। কিন্তু বন বিভাগৰ ভুমিকা ৰহস্যজনক। বন বিভাগক স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতো বনাঞ্চল পৰিদৰ্শন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
তাতোকৈ ডাঙৰ কথা হ’ল সৰু সৰু গছপুলি কাটি লিডুৰ কয়লা খনিৰ খননৰ কামত ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। বন বিভাগে বণাঞ্চলসমূহ সুৰক্ষিত কৰিব নোৱাৰিলে স্থানীয় ৰাইজ নিজে ওলাই বনাঞ্চল ধবংসৰ পৰা ৰক্ষা কৰাৰ লগতে প্ৰকৃতি সুৰক্ষিত কৰিব বুলি হুংকাৰ প্ৰদান কৰে। পাহাৰৰ গছ কাটি তহিলং কৰাৰ লগতে জীৱ-জন্তুৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে এনে এচাম অসাধু লোকে। ফলত প্ৰায়ে সংঘটিত হয় হাতী-মানুহৰ সংঘাত। বন্যজন্তুৱে বনাঞ্চলৰ পৰা প্ৰৱেশ কৰে জনাঞ্চলত।