কৰিমগঞ্জ ভাৰত বাংলাদেশ সীমান্তত আটক এগৰাকী সন্দেহ জনক বাংলাদেশী মহিলা

ডিজিটেল ডেস্ক:- কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত আটক এগৰাকী সন্দেহজনক মহিলাক। কৰিমগঞ্জৰ চড়াকুড়ি এলেকাৰ স্থানীয় ৰাইজে আটক কৰি সীমান্তৰক্ষী বাহিনীৰ হাতত গতাই দিয়ে মহিলাগৰাকীক। স্থানীয় ৰাইজে সন্দেহ কৰা মতে মহিলাগৰাকী মানসিকভাৱে ভাৰসাম্যহীন আছিল। মহিলাগৰাকীৰ নাম ৰুমনা বেগম বুলি জানিব পৰা গৈছে।
তেওঁৰ ঘৰ বাংলাদেশৰ কিশোৰগঞ্জত বুলিও একাংশই সন্দেহ কৰে। স্থানীয় ৰাইজে মহিলাগৰাকীক আটক কৰি সীমান্তৰক্ষীৰ বাহিনীৰ হাতত গতাই দিয়ে। পিছত মহিলাগৰাকীক প্ৰাথমিক তদন্তৰ পিছত স্থানীয় আৰক্ষী থানাত গতাই দিয়ে সীমান্তৰক্ষী বাহিনীয়ে। এতিয়া প্ৰশ্ন হয় নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা সীমান্তত কেনেকৈ সন্দেহজনক লোকে কাঁইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্ৰৱেশ কৰে।
সীমান্ত ছীল কৰা হ’ল, কাঁইটীয়া তাঁৰৰ ব্যৱস্থাও কৰা হ’ল, তথাপি ভাৰতত অনুপ্ৰৱেশকাৰীৰ আহ-যাহ চলিয়েই থাকিল। চিন্তিত সচেতন মহল। কাৰ ছত্ৰছায়াত, কাৰ পৃষ্ঠপোষকতাত ভাৰতত সন্দেহজনক লোকৰ বিচৰণ সেয়াহে লক্ষণীয় কথা। অনুপ্ৰৱেশকাৰীৰ পয়োভৰে দেশলৈ আনিছে অশনি সংকেত। সীমান্তৰক্ষীক কেইটামান টকা ঘোচ দিও ভাৰতত এনে সন্দেহজনক লোকে প্ৰৱেশ কৰাৰো অভিযোগ নথকা নহয়।