জামুগুৰিহাটৰ বালিজুৰিত গোৰ্খা ছাত্ৰ সন্থাৰ আঞ্চলিক কাৰ্যালয়ৰ নিৰ্মানৰ আধাৰ শিলা স্হাপন
ডিজিটেল ডেস্ক: জামুগুৰিহাটৰ বালিজুৰিত গোৰ্খা ছাত্ৰ সন্থাৰ আঞ্চলিক কাৰ্যালয়ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় ৷ গোৰ্খা ছাত্ৰ সন্থাৰ উত্তৰ নাগশংকৰ আঞ্চলিক সমিতিৰ এই কাৰ্যালয় গৃহটিৰ আধাৰশিলা স্থাপনৰ জৰিয়তে নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উপ সভাপতি দিলীপ গজৰেলে ৷
শুভ উদ্বোধনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰকাশ খনাল, উত্তৰ নাগশংকৰ আঞ্চলিক সমিতিৰ সভাপতি কিছন প্ৰধান, সম্পাদক দীপক কৈৰালাকে ধৰি বিষয়ববীয়াসকলে ৷
উদ্বোধনী ভাষন প্ৰসংগত কেন্দ্ৰীয় নেতা দীপক গজৰেলে কয় যে কাৰ্য্যালয় গৃহটিৰ নিৰ্মাণ সম্পুৰ্ণ হোৱাৰ পিছতে ছাত্ৰ সংগঠনটোৰ সকলো নথিপত্ৰ সুৰক্ষিত কৰি ৰখাৰ এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব ৷