ডিব্ৰুগড়ত অক্সিজেনৰ অভাৱত মৃত্যু এটি ডেৰ বছৰীয়া শিশুৰ

ডিজিটেল ডেস্ক:- ডিব্ৰুগড়ত সংঘটিত হৈছে এক কৰুণ ঘটনাৰ! চিকিৎসালয়ত চিকিৎসক আৰু অক্সিজেনৰ অভাৱত মৃত্যু হয় এটি ডেৰ বছৰীয়া শিশুৰ।ডিব্ৰুগড় চাহ বাগিচাৰ চিকিৎসালয়ত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাৰ। অভিযোগ অনুসৰি, চিকিৎসকৰ অভাৱ আৰু এম্বুলেঞ্চত অক্সিজেনৰ অভাৱৰ বাবেই কৰুণ মৃত্যুক আকোৱালি লয় এটি শিশুৱে।
জানিব পৰা মতে,বাগিচাখনৰ চিকিৎসালয়খনত নাই কোনো চিকিৎসক কেৱল এগৰাকী ANM নাৰ্ছেই চিকিৎসালয়খনৰ সকলো কাম কাজ কৰি আছে।ইয়াৰ উপৰিও জৰুৰীকালীন অৱস্থাত চিকিৎসা ব্যৱস্থা বুলিবলৈ একোৱেই নাই চিকিৎসালয়খনত।
ঘটনাৰ বিৱৰণী অনুসৰি ৰমাই চাহ বাগিচাৰ অমল তাঁতী নামৰ ব্যক্তিজনৰ ডেৰ বছৰীয়া দেৱকণ্যাৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত নিশাই সমীপৰে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰাই।কিন্তু নিশাৰ ভাগত চিকিৎসালয়ত চিকিৎসক নথকাত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়।ইফালে AMC লৈ যোৱা এম্বুলেঞ্চখনতো নাই কোনো অক্সিজেন ব্যৱস্থা।দেৱশিশুটিৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই অহাত এম্বুলেঞ্চত অক্সিজেনৰ ব্যৱস্থা নথকাৰ বাবে AMC পোৱাৰ পূৰ্বে শিশুটিৰ মৃত্যু হয়। যিখন এম্বুলেঞ্চত দেৱশিশুটিক লৈ যোৱা হয় সেই এম্বুলেঞ্চখন বাগিচা অঞ্চলসমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা এম্বুলেঞ্চ আছিল।
অভিযোগ অনুসৰি চৰকাৰে আগবঢ়োৱা এম্বুলেঞ্চত অক্সিজেনৰ ব্যৱস্থা নথকাৰ ফলত শিশুটিৰ মৃত্যু হয়।