Local, Vocal, Global

কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা !নিহত এজন

ডিজিটেল ডেস্ক:- কঠীয়াতলীত ভয়ংকৰ পথ দুৰ্ঘটনা।কঠীয়াতলী ৰেংবেংত সংঘটিত হয় দুৰ্ঘটনাটো।চাইকেল চালকক মহতিয়াই নিয়ে এখন বাহনে।নগাঁও-হোজাই অভিমুখী তীব্ৰ বেগী বাহন এখনে খুন্দ মাৰে চাইকেল চালকজনক।তীব্ৰ বেগী বাহনৰ খুন্দাত নিহত হয় লোকজন। নিহত লোকজন সৰুপথাৰ কালী মন্দিৰৰ অজিত দাস বুলি জানিব পৰা গৈছে। গা ধুই চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন বাহনে মহতিয়াই নিয়ে অজিত দাসক।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ নম্বৰ হ’ল এন এল ০৭ চি এ ২৭৫৭।