ক্ৰিকেট প্ৰেমীৰ বাবে সু-খবৰ,গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট মেচ!

ডিজিটেল ডেস্ক:- ৰাজ্যবাসীৰ বাবে সুখবৰ।গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেট মেচ! গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব এদিনীয়া বিশ্বকাপৰ মেচ।
জানিব পৰা মতে ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে বিচিচিআইয়ে গুৱাহাটীকে ধৰি দেশৰ আগশাৰীৰ ১২ খন চহৰক বাছনি কৰিছে।চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ১৯ নৱেম্বৰলৈকে ভাৰতত চলিব এদিনীয়া বিশ্বকাপ। ১০টা দলে অংশ ল’বলগীয়া শীৰ্ষ প্ৰতিযোগিতাখনৰ বাবে ইতমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বিচিচিআইয়ে।
বাতৰি অনুসৰি, বিশ্বকাপৰ ফাইনেল মেচখনৰ বাবে বিচিচিআইয়ে আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহত ক্ৰিকেট ষ্টেডিয়ামখন বাছনি কৰিছে।
আহমেদাবাদৰ উপৰি বিচিচিআইয়ে বাছনি কৰা আন কেইখন চহৰ হৈছে বেংগালুৰু, চেন্নাই, দিল্লী, ধৰমশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাই।
এই চহৰ কেইখনতে প্ৰতিযোগিতাখনৰ মুঠ ৪৮ খন মেচ অনুষ্ঠিত হ’ব। অৱশ্যে বিচিচিআইৰ তৰফৰ পৰা এই সন্দৰ্ভত নিশ্চিত তথ্য প্ৰকাশ কৰা নাই।