Local, Vocal, Global

আজি বিশ্ব জল দিৱস…

ডিজিটেল ডেস্ক:- ৰাষ্ট্ৰসংঘই ১৯৯৩ চনৰ পৰা প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটোত বিশ্ব জল দিৱস হিচাপে পালন কৰি আহিছে।যাতে বিশ্বত পানীৰ অভাৱৰ বিষয়ে সজাগতা সৃষ্টি হয়।বিশ্ব জল দিৱস পালন কৰাৰ লক্ষ্য হ’ল যাতে মানুহক ‘বহনক্ষম উন্নয়ন লক্ষ্য’ৰ দিশত পদক্ষেপ ল’বলৈ উসাহিত কৰাৰ লগতে ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে পানী আৰু অনাময় নিশ্চিত কৰা।

বিশ্বজুৰি বিশুদ্ধ খোৱা পানীৰ অভাবৰ বাবে পানীৰ পৰা হোৱা ৰোগবোৰ এক মহামাৰী ৰোগ হৈ পৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলে যাতে পানীৰ বাবে বেমাৰৰ সন্মুখীন নোহোৱাকৈ থাকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে, এই দিনটো বিশ্ব জল দিৱস হিচাপে উদযাপন কৰা হয়। যাৰ লক্ষ্য হৈছে মানুহক পানীৰ গুৰুত্বৰ বিষয়ে অৱগত কৰা।স্বাধীনতাৰ ৭৫টা বছৰৰ পিছতো এতিয়াও বহুতো অঞ্চলত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি আছে।
আধুনিক পৃথিৱীখনত আজিও বহুতো দেশ আছে যিয়ে তীব্ৰ পানীৰ অভাৱৰ সন্মুখীন হৈছে। সেয়েহে বিশ্বৰ বিভিন্ন স্থানত খোৱা পানী নোপোৱাৰ বাবে পানীৰ বৰা হোৱা ৰোগবোৰে মহামাৰীৰ ৰূপ লৈছে। ৰাষ্ট্ৰসংঘই বিশ্বক পানীৰ সমস্যাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে বিশ্ব জল দিৱস উদযাপন কৰা আৰম্ভ কৰিছিল। ১৯৯২ চনত ৰিঅ’ ডি জেনেইৰোত অনুষ্ঠিত পৰিৱেশ আৰু উন্নয়নৰ ওপৰত ৰাষ্ট্ৰসংঘৰ সন্মিলনে বিশ্ব জল দিৱস স্মৰণ কৰিবলৈ আৰম্ভ কৰে, যিটো প্ৰথমবাৰৰ বাবে ১৯৯৩ চনত ২২ মাৰ্চত অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰা, পানীৰ গুৰুত্ব, প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিষয়ে মানুহক সজাগ কৰাৰ বাবে প্ৰতি বছৰে “বিশ্ব জল দিৱস” উদযাপন কৰা হয়।