Local, Vocal, Global

বোকাজানৰ ভয়ংকৰ দুৰ্ঘটনা! থিতাতে নিহত দুজন…

ডিজিটেল ডেস্কঃ-বোকাজানৰ ভয়ংকৰ দুৰ্ঘটনা।শুকুৰবাৰে নিশা বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাটো।
নাগালেণ্ডৰ তুলিৰ পৰা বোকাজান হৈ ডিমাপুৰলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বিলাসী Toyota Fortunerবাহনখন।দুৰ্ঘটনা থিতাতে নিহত হয় দুজন আৰু আহত হয় দুজন।থিতাতে নিহত বাহনখনৰ চালক সুৰজ আলি আৰু ইটকা য়েপটো বুলি জানিব পৰা গৈছে।আনহাতে আহত ব্যক্তি দুজনক বোকাজান সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰা হয়তীব্ৰবেগী NL-07-CA-1654 নম্বৰৰ বিলাসী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা।