Local, Vocal, Global

গ্ৰেপ্তাৰ হ’ব নেকি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন?ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি…

ডিজিটেল ডেস্কঃ-ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বিৰুদ্ধে আন্তৰ্জাতিক ন্যায়ালয়ে জাৰি কৰিছে গ্ৰেপ্তাৰৰ পৰোৱানা ।ইউক্ৰেইনৰ শিশু বিতাড়নকে ধৰি যুদ্ধাপৰাধৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে।

ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধই এটা বছৰৰো অধিক সময় অতিক্ৰম কৰিছে । দুয়োখন দেশেই যেন যুদ্ধ বন্ধ কৰিবলৈ ইচ্ছুক নহয়।এই এটা বছৰত লক্ষাধিক ইউক্ৰেনিয়ানৰ জীৱনধাৰা চিৰদিনৰ বাবে সলনি হৈ গ’ল ।ফলত হেজাৰ জনৰ মৃত্যু হ’ল যুদ্ধত, আন হেজাৰজনৰ বাসগৃহ তচনচ হৈ পৰিল ৰাছিয়াৰ বোমাবৰ্ষণত । ইউক্ৰেইনত যুদ্ধ অপৰাধ আৰু মানৱাধিকাৰ উলংঘনৰ অপৰাধত আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে গ্ৰেপ্তাৰী ৱাৰেন্ট জাৰি কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে ।

ইয়াৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ শিশুসকলক বলপূৰ্বকভাৱে অবৈধভাৱে ৰাছিয়ালৈ লৈ যোৱাৰ অভিযোগো উত্থাপন হৈছে।দেশখনত বিগত এবছৰ ধৰি সংঘটিত হৈ থকা নৃশংস অত্যাচাৰসমূহ ৰাছিয়াই অস্বীকাৰ কৰি আহিলেও আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে প্ৰাথমিক তদন্তৰ পিছত পুটিনৰ বিৰুদ্ধে জাৰি কৰে গ্ৰেপ্তাৰী পৰোৱানা ।

আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে কয় য়ে পুটিনে এনে কাম পোনপটীয়াকৈ বা আনৰ জৰিয়তে কৰোৱাইছে।পুটিনক শিশু বিতাড়নৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰি কয় যে তেওঁ প্ৰত্যক্ষভাৱে এই কাৰ্য্যসমূহ সংঘটিত কৰাৰ লগতে আনকো সহায় কৰিছিল বুলি বিশ্বাস কৰাৰ যুক্তিসংগত ভিত্তি আছে। আদালতে লগতে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ কৰ্তৃত্ব প্ৰয়োগ কৰি এনে শিশুসকলক বিতাড়িত কৰাত বাধা প্ৰদান কৰাত ব্যৰ্থ হৈছে। চীনৰ ৰাষ্ট্ৰপতি জিনপিং ২০ ৰ পৰা ২২ মাৰ্চলৈ ৰাছিয়া ভ্ৰমণত অহাৰ কথা আছে।আৰু এই সময়ছোৱাত তেওঁ দুয়োখন দেশৰ মাজত ব্যাপক অংশীদাৰিত্ব আৰু কৌশলগত সহযোগিতাকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব আৰু ইউক্ৰেইনত যুদ্ধ সমাপ্ত কৰিবলৈ শান্তি আলোচনা বাবে চেষ্টা কৰিব পাৰে।