Local, Vocal, Global

মহানগৰীৰ চানমাৰীত চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড..

ডিজিটেল ডেস্ক:-শনিবাৰে বিয়লি মহানগৰীৰ ৰে’লপথত হঠাৎ দাউদাউকৈ জ্বলি উঠিল এখন চলন্ত ৰে’লগাড়ী। মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলতে সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ।ফলত ক’লা ধোঁৱাই চানি ধৰে সমগ্ৰ চানমাৰি অঞ্চলটো । অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ চানমাৰি অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

বাতৰি অনুসৰি, শনিবাৰে বিয়লি প্ৰায় ৬:৩০ বজাত নিউ গুৱাহাটীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছ ৰে’লখনত সংঘটিত এই ঘটনাটো ৷ হঠাৎ ১২৫১০ নম্বৰ বাংগালুৰু এক্সপ্ৰেছত অগ্নিৰ সূত্ৰপাত হয় ৷ ফলত নিমিষতে জুই লেলিহান শিখাই ৰে’লখনৰ এটা ডবা চানি ধৰে ৷পৰৱৰ্তী পৰ্য়ায়ত এই জুই আন এটা ডবালৈয়ো সম্প্ৰসাৰণ হয় ৷ এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ৷ ঘটনাৰ খবৰ পায় উক্ত স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় ।