Local, Vocal, Global

শোণিতপুৰৰ বালিপৰাত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত পাচঁজন…

ডিজিটেল ডেস্ক:শোণিতপুৰৰ বালিপৰাত শোকাৱহ পথ দুৰ্ঘটনা।শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা ১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হয়।নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে ছুইফ্ট ডিজায়াৰ বাহন। AS 12 R 2115 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে৷ পথৰ কাষৰ খাৱৈত বাগৰি পৰাৰ ফলত বাহনখনত থকা পাঁচজনকৈ লোকৰ মৃত্যু ঘটে।নিহত পাঁচজনৰ দুজনক চিনাক্ত কৰা হৈছে।চিনাক্ত কৰা লোক দুজনৰ তেজপুৰ গটঙাৰ দিপেন বৰা আৰু বেছেৰীয়াৰ বিদ্যুৎ নাথ বুলি চিনাক্ত কৰা হৈছে৷ কিন্তু আনকেইজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।দুৰ্ঘটনাগ্ৰস্ত বাহনখন বালিপৰা পৰা তেজপুৰৰ দিশে গৈ আছিল ।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। বাহন খনত কেইজন লোক আছিল আৰু আহতৰ খবৰ বৰ্তমানও জানিব পৰা হোৱা নাই।