অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া…

সলনি হ’ল অসমৰ ৰাজ্যপাল।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিযুক্তি দিয়ে নতুন ৰাজ্যপালক।ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী গুলাব চান্দ কাটাৰিয়াক নিযুক্তি দিয়ে অসমৰ নতুন ৰাজ্যপাল হিচাপে।অসমকৰ লগতে অৰুণাচল প্ৰদেশ,অন্ধ্ৰ প্ৰদেশ,ছিকিম, ঝৰখণ্ড,হিমাচল প্ৰদেশ,ছত্তীশগড়,মণিপুৰ ,নাগালেণ্ড,মেঘালয়, বিহাৰ,মহাৰাষ্ট্ৰ,লাডাখে আজিৰে পৰা লাভ কৰিব নতুন ৰাজ্যপাল।দেশৰ সৰ্বমুঠ ১২ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত আজি নতুনকৈ ৰাজ্যপাল নিযুক্তি দিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।গুলাব চান্দ কাটাৰিয়া ৰাজস্থানৰ বিৰোধী দলৰ দলপতি তথা বিজেপিৰ এগৰাকী প্ৰবীণ নেতা।১৯৭৭ চনত প্ৰথমবাৰৰ বাবে তেওঁ ৰাজস্থানৰ উদয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।তেতিয়াৰে পৰাই তেওঁ সমষ্টিটোত খোপনি পুতিবলৈ সক্ষম হয়।আৰু১৯৮০ চনত তেওঁ পুনৰ জয়ী হয়।
গুলাব চান্দ কাটাৰিয়া ৰাজস্থানৰ উদয়পুৰৰ পৰা ৮ বাৰ বিধায়ক হোৱাৰ লগতে এবাৰ লোকসভালৈও নিৰ্বাচিত হৈছিল।পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰত গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী আছিল।ৰাজনীতি ক্ষেত্ৰখনত দীঘলীয়া অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰবীণ ৰাজনীতিবিদক আজিৰে পৰা অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছে।অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৱনিযুক্ত ৰাজ্যপাল গৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰে।